৯১৩ পদ,৭৪ হাজাৰ পৰীক্ষাৰ্থীঃ ৰাজ্যজুৰি সম্পন্ন APSC (প্ৰাৰম্ভিক)পৰীক্ষা...

দেওবাৰে ২৬ মাৰ্চত অনুষ্ঠিত হৈ যায় অসম লোকসেৱা আয়োগৰ পৰীক্ষা। ২০২৩ ৰ এপিএছপি পৰীক্ষাত (প্ৰাৰম্ভিক) এইবাৰ প্ৰায় ৭৪৩৬৮ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়।

author-image
Asomiya Pratidin
New Update
আজি পুনৰ জেৰাৰ সন্মুখীন হ’ব দুই ৰাজপত্ৰিত বিষয়া

apsc

ডিজিটেল ডেস্কঃ দেওবাৰে ২৬ মাৰ্চত অনুষ্ঠিত হৈ যায় অসম লোকসেৱা আয়োগৰ পৰীক্ষা। ২০২৩ ৰ এপিএছপি পৰীক্ষাত (প্ৰাৰম্ভিক) এইবাৰ প্ৰায় ৭৪৩৬৮ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়। কেইবাটাও পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অতি সুকলমে হৈ যায়।

Advertisment

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৯১৩ টা পদৰ বাবে আজি এই পৰীক্ষা অনুষ্ঠিত হৈ যায়। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যৱধান পৰ্যন্ত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছিল। ইয়াৰোপৰি কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম জাৰি কৰিছিল লোকসেৱা আয়োগে।

উল্লেখ্য যে, চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বহু বিসংগতি হোৱাৰ বাবে এইবাৰ কটকটীয়া নিৰাপত্তা আৰোপ কৰা হৈছিল এপিএছচি পৰীক্ষাত।প্ৰশাসনৰ লগতে ৰাইজৰ সহযোগত আজি এই পৰীক্ষা কোনো বিসংগতি নোহোৱাকৈ অতি সুকলমে পাৰ হৈ যায়।

পুৱা ১০ ৰ পৰা ১২ বজালৈ প্ৰথমভাগ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দ্বিতীয়ভাগ পৰীক্ষা অনুষ্ঠিত হৈ যায়। পৰীক্ষাৰ্থীক এডমিট কাৰ্ড আৰু যাৱতীয় তথ্যৰ বাহিৰে অন্য সামগ্ৰী পৰীক্ষা হলৰ ভিতৰলৈ নিব দিয়া হোৱা নাছিল।

এইবাৰ এপিএছচি পৰীক্ষাত বহু আইআইটিৰ ছাত্ৰ, চাকৰিয়াল, বিষয়া-কৰ্মচাৰী আদিয়েও অৱতীৰ্ণ হোৱা দেখা যায়। যাৰ বাবে পৰীক্ষাৰ্থীৰ সংখ্যা বেছি হোৱা দেখা যায়। বৰ্তমান সময়লৈকে কোনো ধৰণৰ বেমেজালিৰ ঘটনা পোহৰলৈ অহা নাই। বিগত কেইবাটাও বৰ্ষত বিতৰ্কত আছে এপিএছচি পৰীক্ষা। এই পৰীক্ষা এইবাৰ কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ পাৰ হৈ যোৱাৰ আশা কৰা হৈছে।

Also Read: চৰকাৰৰ কোনো আঁচনিয়েই ঢুকি পোৱা নাই ঢোল-খোল নিৰ্মাণৰ শিল্পীক

apsc