চৰকাৰৰ কোনো আঁচনিয়েই ঢুকি পোৱা নাই ঢোল-খোল নিৰ্মাণৰ শিল্পীক

দেশৰ স্বাধীনতাৰ কালৰে পৰা অবিৰতভাৱে চৰ্চা অব্যাহত ৰখা নগাঁও জিলাৰ শিঙিয়া পোটনী মৌজাৰ বঢ়মপুৰৰ সমীপৰ গায়নগাঁৱৰ ঢোল শিল্প চৰকাৰী অৱহেলাৰ ফলত সংকটৰ দিশলৈ গতি কৰিছে ।

author-image
Asomiya Pratidin
New Update
চৰকাৰৰ কোনো আঁচনিয়েই ঢুকি পোৱা নাই ঢোল-খোল নিৰ্মাণৰ শিল্পীক

ডিজিটেল সংবাদ : দেশৰ স্বাধীনতাৰ কালৰে পৰা অবিৰতভাৱে চৰ্চা অব্যাহত ৰখা নগাঁও জিলাৰ শিঙিয়া পোটনী মৌজাৰ বঢ়মপুৰৰ সমীপৰ গায়নগাঁৱৰ ঢোল শিল্প চৰকাৰী অৱহেলাৰ ফলত সংকটৰ দিশলৈ গতি কৰিছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫-৬ কিলোমিটাৰ ভিতৰৰ বঢ়মপুৰৰ গায়নগাঁৱত এই ঢোল-বাদ্যৰ কাৰিকৰসকলে পুৰুষাণুক্ৰমে দেশ স্বাধীন নোহোৱাৰ আগৰে পৰা অৰ্থাৎ ১৯৪৫ চনৰ পৰাই এই লোকবাদ্য তৈয়াৰ কৰি আহিছে ।

Advertisment

সম্প্ৰতি চৰকাৰৰ অনাদৰ , অৱহেলা , নতুন প্ৰজন্মৰ মাজত বৃত্তিটোৰ ব্যৱসায়িক মানসিকতা নথকাত গৰিমামণ্ডিত ঢোল-খোল নিৰ্মাণৰ এই শিল্প আজি ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ পথত । সেই সময়তেই অসমৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিকৰ বাবে কঁঠাল কাঠৰ হেঙুল হাইতাল বুলোৱা ঢোল নিৰ্মাণ কৰি অসমীয়া কৃষ্টি-সংস্কৃতিক প্ৰাণৱন্ত কৰি বঢ়মপুৰ গায়নগাঁৱৰ অন্তিমদুগৰাকী কলাকাৰ তথা শিল্পী কালাচান দাসৰ মৃত্যুৰ পিছতো লাভ নকৰিলে ৰজাঘৰৰ স্বীকৃতি তথা শিল্পী পেঞ্চন ।

সেই কালাচান দাসৰ বংশধৰসকলে বৰ্তমানো কোনো অত্যাধুনিক প্ৰযুক্তি বা প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ অত্যাধিক পৰিশ্ৰমললব্ধ ঢোল বাদ্য নিৰ্মাণৰ কাম কৰি আহিছে । তেওঁলোকে ঢোল তৈয়াৰ কৰাৰ ক্ষেত্ৰত হস্তনিৰ্মিত বাইচ , কুণ্ডৰ শাল , কুটনি , ডৱনী ৰছী , গোল মুখৰ বটালি , মিহি বটালি , চেও কৰত , হাতকৰ , পাতবটালি , খোলাবটালি , চাবুল বটালি , কুঠাৰ , দা , হাতুৰী , চেপেনা , প্লাছ ব্যৱহাৰ কৰি আহিছে । ৰাজ্যৰ প্ৰয়াত বিভিন্ন শিল্পীৰ পৰা আৰম্ভ কৰি নামনিৰ পৰা উজনিলৈ প্ৰায়খিনি হুঁচৰি দলক বিহুৰ ঢোল যোগান ধৰি এই শিল্পীসকলে জাতীয় দায়িত্ব পালন কৰি অহা পৰিলক্ষিত হৈছে ।

স্বাধীনতাৰ কালৰ পৰা বৰ্তমানলৈকে , চ'ত সোমোৱাৰ লগে লগে বঢ়মপুৰৰ গায়নগাঁৱত ঢোলৰ গুমগুমণিয়ে আকাশ-বতাহ কঁপাই তোলে । বঢ়মপুৰৰ কঁঠাল কাঠৰ হস্তনিৰ্মিত ঢোল প্ৰস্তুত প্ৰক্ৰিয়াৰ লগত জড়িত এই গাঁওখনে সমগ্ৰ জিলাখনৰ লগতে নামনি আৰু উজনি অসমৰ ভিতৰতে ঢোল-শিল্প নিৰ্মাণ কৰি এই বৃত্তিটো জীয়াই ৰাখিবলৈ সক্ষম হৈছে । এসময়ত এই গাঁওখনৰ বহুকেইটা পৰিয়াল এই ঢোল-শিল্পৰ লগত জড়িত হৈ আছিল যদিও সম্প্ৰতি কালাচান দাসৰ পুত্ৰ মহেন্দ্ৰ দাস আৰু মহেন্দ্ৰ দাসৰ পুত্ৰ বিকাশ দাসৰ দৰে একাংশহে ঢোল, খোল আদি বাদ্য নিৰ্মাণত জড়িত হৈ আছে । জানিব পৰা মতে , এই অঞ্চলত বর্তমান মাত্ৰ দুজনহে ঢোলৰ কাম জনা মানুহ আছে । নৱপ্ৰজন্মৰ ভিতৰত এটা উঠৰ-বছৰীয়া ল'ৰাইহে এই ঢোল নিৰ্মাণ বিদ্যা শিকিছে ।

মহেন্দ্ৰ আৰু বিকাশহঁতে " অসমীয়া প্ৰতিদিন"ক জানিবলৈ দিয়া মতে , যোৱা বছৰৰ দৰে এইবাৰো তেওঁলোকে পৰিস্থিতি কিছু উন্নত হোৱাত পুনৰ দুগুণ উৎসাহেৰে কামত লাগিছে । এই পর্যন্ত গুৱাহাটী , গোলাঘাট , তেজপুৰ , নগাঁও , কাৰ্বি-আংলং আৰু যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ১৫ টা ঢোল বিক্ৰী হৈছে । তেওঁলোকে জানিবলৈ দিয়া মতে কঁঠাল কাঠৰ গছৰ খোলা উলিয়াই তালি আৰু কোবনি লগাই বৰটি আৰু মলুৱা সংযোগ কৰি ২০ ইঞ্চি দৈর্ঘ আৰু ৩৪ ইঞ্চি ব্যাসাৰ্ধৰ এটা ঢোল প্ৰস্তুত কৰি আঠ হেজাৰৰ পৰা ছয় হাজাৰ টকাৰ ভিতৰত বিক্ৰী কৰিব পাৰি ।

ঢোলৰ কোবনিৰ বাবে দমৰা গৰুৰ আগছেৱা অৰ্থাৎ ডিঙিৰ ছাল , তালিৰ বাবে চেউৰী গৰুৰ আগছেৱা আৰু বৰটিৰ বাবে বলধ গৰুৰ ছালৰ প্ৰয়োজন । এই ছাল জুৰীয়াৰ বালুকটিয়া নাইবা বিভিন্ন গৰুৰ ছালৰ ভাণ্ডাৰৰ পৰা ক্ৰয় কৰি সংগ্ৰহ কৰা হয় । এই বছৰ মহেন্দ্ৰ-বিকাশহঁতৰ উপাৰ্জন একৰ পৰা দুই লাখ টকা হ'ব বুলি জানিবলৈ দিছে । এহাতে এই বছৰ উপাৰ্জন বৃদ্ধি হ'লেও ক্ৰমাৎ হ্ৰাস পাই অহা কঁঠাল কাঠৰ নাটনিয়ে গৰিমা হেৰুৱাব পাৰে হেঙুল হাইতাল বুলোৱা গায়নগাঁৱৰ ঢোলৰ গুমগুমনি । অৱশ্যে তাৰ মাজতো আশাৰ কিৰণ দেখিছে মহেন্দ্ৰ-বিকাশহঁতে । চৰকাৰৰ অনাদৰ-অৱহেলাৰ বিপৰীতে ৰাইজৰ সঁহাৰিয়ে তেওঁলোকক উৎসাহিত কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ উঠি অহা প্ৰজন্মক ঢোলবাদনৰ শিক্ষা দিবৰ বাবে আয়োজন কৰা কৰ্মশালাসমূহৰ বাবেই এই বছৰ বৃদ্ধি পাইছে ঢোলৰ চাহিদা ।

স্মতব্য যে , যোৱা দুটাবছৰত কোৰোনা মহামাৰী কাৰণে জীৱন-জীৱিকা স্তব্ধ হৈ পৰা থলুৱা শিল্পীসকলক ৰাজ্য চৰকাৰে এককালীন সাহায্য প্ৰদান কৰিছিল যদিও গায়নগাঁৱৰ ঐতিহাসিক ঢোল শিল্পৰ লগত জড়িত এইসকল শিল্পী বঞ্চিত হৈ ৰ'ল । চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এইসকল নীৰৱ শিল্পীয়ে গাঁঠিৰ ধন ভাঙিয়েই জীয়াই ৰাখিছে গৰিমামণ্ডিত গায়নগাঁৱৰ ঢোল শিল্পক ।

Also Read: অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যপাল আচাৰ্য গোলাব চান্দ কাটাৰীয়া