APSC-২০২২মূল পৰীক্ষাৰ ফলাফল ঘোষণা, কোনে পালে কি স্থান , জানক সৱিশেষ...

APSC ২০২২ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা, কোনে পালে কি স্থান , জানক সৱিশেষ...

author-image
Asomiya Pratidin
New Update
APSC কেলেংকাৰীঃ ৰাজপত্ৰিত বিষয়া মৃদুল হাজৰিকা হাজিৰ CID ৰ কাৰ্যালয়ত...

APSC কেলেংকাৰীঃ

ডিজিটেল ডেস্কঃ বুধবাৰে অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণা কৰা হৈছে। সৰ্বমুঠ ৯১৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ। অসম অসামৰিক সেৱা পদত ৮৬ গৰাকী পাৰ্থী উত্তীৰ্ণ হৈছে। অসম অসামৰিক সেৱাৰ শীৰ্ষ স্থানত জিলিকিল গৌৰীপুৰৰ ৰচিকা ইচলাম।অসম পুলিচ সেৱাৰ শীৰ্ষ স্থানত জিলিকিল হোজাইৰ ৰোহিত চৌধুৰী। শ্ৰম অধিকাৰী বিষয়াৰ প্ৰথম স্থানত উজ্বলিল দৰ্শনা উপাধ্যায়।

Advertisment

কৰ অধীক্ষক পদত কৌস্তভ ডেকা, আবকাৰী অধীক্ষক পদত হৃদয়ানন্দ ব্ৰহ্ম, জিলা পৰিবহণ বিষয়াৰ পদত শ্ৰুতি পৰাশৰ, অসম বিত্ত সেৱা আয়োগত বনশ্ৰী বৈশ্য, ব্লক উন্নয়ন বিষয়া পদত অলকেশ দত্ত, জিলা উদ্যোগ কেন্দ্ৰ সহকাৰী পৰিচালক পদত স্থান লাভ প্ৰতীক্ষা দে’ৰ ।

সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ পদত হিমাংশু শেখৰ শৰ্মা, সহকাৰী শিক্ষা বিষয়া পদত নয়নজ্যোতি বৰ্মন, প্ৰসাশনিক বিষয়া সংখ্যালঘু ব’ৰ্ডত হিমাংশু বৰা, কৰ পৰিদৰ্শক পদত বন্দনা ভূঞা, শ্ৰম পৰিদৰ্শক পদত পীয়ুস গাড়োদিয়া, আবকাৰী পৰিদৰ্শক পদত প্ৰণয় শৰ্মা, সহকাৰী নিয়োগ বিষয়া পদত উজ্বলিল চুৰ্নিকা দাস।

উপ পঞ্জীয়ক পদত দিব্যজ্যোতি দাস, সহকাৰী নিৰীক্ষণ বিষয়া (অসম নিৰীক্ষণ সেৱা)ত চিন্ময় তালুকদাৰ, সবকাৰী হিচাপ বিষয়া পদত নিলাদ্ৰী মহন্ত, মাধ্যমিক শিক্ষাৰ গাইডেন্স কাউঞ্চিলাৰ পদত পাঞ্চালী দেৱী, সংখ্যালঘু উন্নয়ন বৰ্ডৰ সহকাৰী বিষয়া পদত ময়ুৰী শৰ্মা, জলসিঞ্চন বিভাগৰ গৱেষনা সহায়ক পদত প্ৰথম স্থান লাভ চিন্ময় শৈলেন্দৰ কলিতাৰ।

জলসিঞ্চন বিভাগৰ সহকাৰী জনসংযোগ বিষয়া পদত দ্বীপ দাস, জলসিঞ্চন বিভাগৰ সহকাৰী গৱেষণা বিষয়া পদত ৰূপম সিন্ধু কলিতা, ঔদ্যোগিক ন্যায়াধিকৰণ পঞ্জীয়ক পদত কৃষ্ণাকক্ষী তালুকদাৰ, পৰিবহণ জৰীপৰ গৱেষণা সহায়ক পদত আহমেদ ফৰাজ, অসম নগৰ প্ৰশাসনিক সেৱাৰ জুনিয়ৰ কাৰ্যবাহী বিষয়া পদত স্থান লাভ সুকন্যা মুৰ্খাজীৰ ।

ফলাফলসমূহ চাবলৈ www.apsc.nic.in website ত ক্লিক কৰক।

Also Read: আঁৰত কোন?

apsc