বিদ্ৰোহী সংগঠন APLA ৰ ৯ জন কেডাৰৰ আত্মসমৰ্পন...

গোলাঘাট আৰু কাৰ্বি আংলঙৰ পৰা আত্মসমৰ্পণ কৰে বিদ্ৰোহী সংগঠন APLA ৯ জন কেডাৰে।

author-image
Asomiya Pratidin
New Update
বিদ্ৰোহী সংগঠন APLA ৰ ৯ জন কেডাৰৰ আত্মসমৰ্পন...

ডিজিটেল সংবাদ, বোকাজান: গোলাঘাট আৰু কাৰ্বি আংলঙৰ পৰা আত্মসমৰ্পণ কৰে বিদ্ৰোহী সংগঠন APLA ৯ জন কেডাৰে।

Advertisment

সংগঠনটোৰ সেনাধক্ষ্য, কমাণ্ডাৰ আৰু মেজৰসহ ৯ জন কেডাৰে অস্ত্ৰ শস্ত্রৰে আত্মসমৰ্পণ কৰে খটখটি আৰক্ষী থানাত।

ইয়াৰে ৯ জন কেডাৰৰ ভিতৰত ৬ জন কাৰ্বি আংলঙৰ, ২ জন গোলাঘাট আৰু এজন ডিমাপুৰৰ বুলি জানিব পৰা গৈছে।

আত্মসমৰ্পণ কৰা কেডাৰ কেইজন ক্ৰমে জয়ন্ত হাও, ডিমেশ ওৰাং, চাহাত' ইমছেংগাৰ, বিমল তপন্ন, চতু কৰ্মকাৰ, গোপাল বাৰাইক, সৌজা শ্যাম, যোচেফ বাৰলা, পল খাৰিয়া।

এটা চেমি .২২ ৰাইফল, এটা SBLL gun, এটা খাজা ৰাইফল, এটা .২২ ৰাইফল, ২ টা গ্ৰেণেড আৰু ৩২ জাই .২২ সজীৱ গুলি জমা দিয়ে বিদ্ৰোহী সংগঠটোৱে।

আৰু পঢ়ক: চিৰাঙত আৰক্ষীৰ অভিযান; বুজন পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰ আৰু নগদ ধন জব্দ

assam Assam police surrender apla\