/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
এ পি ডি চি এলৰ প্ৰাক্তন মহা প্ৰৱন্ধক ভৱানী শৰ্মাৰ ৭৭ বছৰ বয়সত বিয়োগ...
ডিজিটেল ডেস্কঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰাক্তন মুখ্য মহা প্ৰৱন্ধক ভৱানী কান্ত শৰ্মা আৰু নাই। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আজি তেওঁ ২-৪৫ বজাত ৭৭ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্যে, জীৱনত তেওঁ মেঘালয় ৰাজ্যিক বিদ্যুৎ ব'ৰ্ডত কাৰ্য নিৰ্বাহ কৰাৰ পাছত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তত দায়িত্ব সম্পাদন কৰি প্ৰতিষ্ঠানটোৰ মুখ্য মহা প্ৰবন্ধক হিচাপে দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰে।
তেওঁ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড মহা প্ৰৱন্ধক হৈ থকাৰ সময়তে সম্পূৰ্ণ হৈ উঠিছিল কাৰ্বি লাম্পি হাইড্ৰ' ইলেক্ট্ৰিকেল প্ৰজেক্ট। প্ৰয়াত ভৱানী কান্ত শৰ্মা গোপালানন্দ আশ্ৰমৰ সৈতেও জড়িত হৈ আছিল। ইয়াৰোপৰি তেওঁ আছিল এগৰাকী সামাজিক কৰ্মী।
মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ, বোৱাৰী, নাতি আৰু বহু আত্মীয়স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। প্ৰয়াত শৰ্মা আছিল কটন কলেজিয়েট স্কুলৰ এসময়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত উমা কান্ত শৰ্মাৰ পুত্ৰ।
Also Read: মৰিগাঁৱৰ ঘগুৱা গাঁও পঞ্চায়তত "বিকশিত ভাৰত সংকল্প যাত্ৰা" কাৰ্যসূচীত পীযুষ হাজৰীকাৰ অংশগ্ৰহণ...