শীঘ্ৰে প্ৰকাশ পাব এ.পি.ডি.চি.এলৰ ২ হাজাৰ পদৰ নিযুক্তিৰ বিজ্ঞাপন...

বৃহস্পতিবাৰে বিজুলী ভৱনত এ.পি.ডি.চি.এল-য়ে এক সংবাদমেল সম্বোধন কৰে

author-image
Asomiya Pratidin
New Update
শীঘ্ৰে প্ৰকাশ পাব এ.পি.ডি.চি.এলৰ ২ হাজাৰ পদৰ নিযুক্তিৰ বিজ্ঞাপন...

APDCL

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে বিজুলী ভৱনত এ.পি.ডি.চি.এল-য়ে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত অভিজিৎ শৰ্মা বৰুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। ৩য়, ৪ৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি সন্দৰ্ভত সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য কৰে অভিজিৎ শৰ্মা বৰুৱাই। ইয়াৰ লগতে অভিযন্তা পদৰ বাবেও নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে তেওঁ।

Advertisment

নিযুক্তি পৰীক্ষাৰ বাবে শীঘ্ৰে এ.পি.ডি.চি.এল-এ প্ৰকাশ কৰিব বিজ্ঞাপন। ন্যূনতম ২ হাজাৰ পদৰ বাবে দিয়া হ’ব বিজ্ঞাপন। উল্লেখ্য যে এইবাৰৰ পৰা এ.পি.ডি.চি.এল-এ নিযুক্তি পৰীক্ষা অনুষ্ঠিত নকৰে। পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে এ.পি.এছ.চিক বুলিও সংবাদমেলত ঘোষণা কৰা হয়।

ইফালে বিদ্যুৎ বিভাগৰ খুঁটাত অবৈধভাৱে কেব'ল সংযোগক লৈ মন্তব্য আগবঢ়ায় শৰ্মাই। তেওঁ কয় যে বিদ্যুত বিভাগৰ খুঁটাত কিছু কেবুলহে অনুমতি লৈ লগোৱা হৈছে। অনুমতি অবিহনে বহুতে কেবুল লগাইছে বিভিন্নজনে।

অনুমতি অবিহনে লগোৱা কেব'ল আঁতৰোৱাৰ আহ্বান জনায় এ.পি.ডি.চি.এল-য়ে। জনসাধাৰণৰ সুৰক্ষা, মহানগৰখন সুন্দৰ কৰি ৰখাৰ স্বাৰ্থত এই কেব'ল সমূহ খুলিবলৈ আহ্বান জনাইছে এ.পি.ডি.চি.এল কৰ্তৃপক্ষই। আনহাতে, যদি কেবুল লগাবলগীয়া হয় তেন্তে এ.পি.ডি.চি.এলৰ অনুমতি লৈ কেব'ল লগাবলৈও আহ্বান জনায়।

অনুমতিবিহীন ভাৱে বিদ্যুৎ খুঁটাত কেব'ল ব্যৱহাৰ কৰিলে ১০০০ টকাকৈ জৰিমণা দিব লাগিব বুলিও মন্তব্য কৰে অভিজিৎ শৰ্মা বৰুৱাই।

আৰু পঢ়ক : গুৱাহাটী গণপ্ৰহাৰৰ ঘটনা : আৰক্ষীয়ে আটক কৰিছে কেইবাজনো শ্ৰমিকক...

assam apdcl job