/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6264152b-c8a3-4d55-b4cb-d9c70970f143/bhupen_borah_3.jpg)
আজিৰ পুৱাৰ সূৰ্যৰ কিৰণে দেশলৈ কঢ়িয়াই আনিব আশাৰ বতৰাঃ আত্মবিশ্বাসী ভূপেন বৰাৰ মন্তব্য...
ডিজিটেল ডেস্কঃ ''আজি পুৱাৰ সূৰ্যৰ কিৰণে দেশৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা।''- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ৫ ৰাজ্যৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছৰে পৰা অন্তত ৪ খন আসনত বিজয় নিশ্চিত হৈ থকা কংগ্ৰেছে আজি বিপৰ্যয়ৰ সন্মুখীন হৈছে যদিও অৱশ্যে পুৱাৰ ভাগলৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখত সেই বিপৰ্যয়ৰ ছবি পৰিস্ফুত হোৱা নাই। বৰঞ্চ তেওঁ আত্মবিশ্বাসেৰে ফলাফল ভাল হ'ব বুলিয়েই আশা কৰিছে।
পুৱা তেজপুৰৰ মহাভৈৰৱত সেঁৱা গ্ৰহণ কৰি তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, ''আজি পুুৱাৰ সূৰ্যৰ কিৰণ আপোনালোকে দেখিছে। এই সূৰ্যৰ কিৰণে আমাৰ দেশখনৰ কাৰণে এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিব। সেই আশাৰে আমি প্ৰাৰ্থনা কৰিছো।''
তেওঁ কয়, ''যিধৰণে আমাৰ নেতা ৰাহুল গান্ধীয়ে গোটেই দেশখনত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলাব চেষ্টা কৰি আহিছিল সেই মতেই প্ৰেমৰ আস্থা আৰু বিশ্বাস প্ৰতিষ্ঠা হৈছিল। সেয়ে পুৱাই মই মহাভৈৰৱত আহি তেৰাৰ শ্ৰীচৰণত সেৱা জনাইছো।''
তেওঁৰ মতে, তেজপুৰৰ মহাভৈৰৱৰ যি ইতিহাস সেয়া হৈছে প্ৰেম, বিশ্বাস আৰু আস্থাৰ। ৰাহুল গান্ধীৰো সেয়াই আশা। ভাতৃত্ববোধ, প্ৰেম, বিশ্বাস, সম্প্ৰীতি আৰু প্ৰগতি সমান্তৰালভাৱে আগুৱাই নিব লাগিব। তেওঁ কয়, আজি মোৰ বিশ্বাস আমাৰ দেশবাসীয়ে আমাৰ নেতাজনৰ ওপৰত আস্থা আৰু বিশ্বাসৰ এক মোহৰ মাৰিব। সেই বিশ্বাস আৰু অস্থা লৈ আজি মই প্ৰাৰ্থানা জনাইছো।
ইফালে ৫ ৰাজ্যত কংগ্ৰেছে কেইখন ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত কয়, আমাৰ দলৰো বহুতে মোক সেই প্ৰশ্ন কৰিছে। মই কৈছো, আমি ২ খন আসন পালে 'গুড' হ'ব। ৩ খন আসন পালে 'বেটাৰ', ৪ খন ৰাজ্য গঠন কৰিব পাৰিলে 'বেষ্ট' আৰু ৫ খন ৰাজ্যত চৰকাৰ গঠন কৰিব পাৰিলে 'বেষ্ট অফ দ্যা বেষ্ট' হ'ব। আমাৰ একো বেয়া নহয়েই।
পাঁচোখন ৰাজ্যৰ নেতালৈ ফোন কৰি তেওঁ শুভেচ্ছা জ্ঞাপন কৰাৰ কথা উল্লেখ কৰি কয়, মিজোৰামক বাদ দি আটাইকেইখন ৰাজ্যৰে নেতৃত্ব আত্ববিশ্বাসী হৈ আছে। মিজোৰামৰ কংগ্ৰেছ সভাপতিগৰাকী কিছু চিন্তিত হৈ আছে। তেওঁ কয়, অশোক গেহলট ছাৰ, কমল নাথ ছাৰ, ভূপেশ বাঘেল আদিৰ লগত ফোনত কথা পাতোতে তেওঁলোক অতি উৎসাহী হৈ আছিল। মিজোৰামৰ কংগ্ৰেছ সভাপতি লালচাওতা চিন্তিত হৈ আছে। তেওঁলোকক শুভেচ্ছা জনাবলৈহে ফোন কৰিছিলো।
অৱশ্যে ভূপেন বৰাৰ এনে আত্মবিশ্বাসী স্থিতিৰ বিপৰীতে ৪ ৰাজ্যৰ ভিতৰত ৩ খনতে কংগ্ৰেছ পৰাস্ত হোৱাটো নিশ্চিত হৈছে। ৩ খন ৰাজ্যতে বিজেপিয়ে চৰকাৰ গঠন কৰিব। কেৱল তেলেংগানাত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ বাট মুকলি হ'ব। মিজোৰামতো কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত।
A NEW DAWN
Today, early morning, I went to seek blessings at the #Mahabhairab Mandir at #Tezpur . I prayed that the rays of the early morning sun bring new hopes to our countrymen, and marks the start of a new age of consciousness.
I also prayed that the mission to spread… pic.twitter.com/RI0DO7j5Df— Bhupen kumar Borah (@BhupenKBorah) December 3, 2023
Also Read: ৪ ঘণ্টাত পৰিস্ফুত হ'ল দৃশ্যপটঃ কোন ৰাজ্যত কোনে গঠন কৰিব চৰকাৰ, চাওঁক এই খবৰ...