/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-15/x6sq87k0/BHUPEN-BORA-15.jpg)
দিল্লীৰ পৰা ভূপেন বৰাই ক'লে- সলনি নহয় APCC ৰ সভাপতি...
ডিজিটেল ডেস্কঃ ৰাজ্যত কংগ্ৰেছৰ সভাপতি কেন্দ্ৰীক সংঘাতৰ খবৰে তোলপাৰ লাগি থকাৰ সময়ত দিল্লীৰ পৰা সমগ্ৰ বিষয়টো স্পষ্ট কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত বৰাই কয়, তেওঁ বৰ্তমান ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে দিল্লীত বাহৰ পাতি আছে।
হাইকামাণ্ড আৰু দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত সেই তালিকা চূড়ান্ত হ'ব বুলি জানিবলৈ দিয়ে বৰাই। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ সন্দৰ্ভত তেওঁ কয়, ২০২৬ চনলৈকে প্ৰদেশ কংগ্ৰেছৰ যে সভাপতি সলনি নহয় সেয়া ইতিমধ্যে দলৰ শীৰ্ষ নেতৃত্বই স্পষ্ট কৰি দিছে।
অসমৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে সেয়া সদৰি কৰিছে ৰাজহুৱা ভাৱে। তাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেন্দ্ৰীক সংঘাত সন্দৰ্ভত প্ৰকাশিত খবৰবোৰ ভিত্তিহীন। আনহাতে দেৱব্ৰত শইকীয়াই সামাজিক মাধ্যমত দিয়া এক পোষ্টক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সেই পোষ্টৰ সৈতে কংগ্ৰেছৰ সভাপতি কেন্দ্ৰীক সংঘাতৰ কোনো সম্পৰ্ক নাই বুলিও মন্তব্য কৰে ভূপেন বৰাই।
Also Read: প্ৰদেশ কংগ্ৰেছত পৰৱৰ্তী সভাপতিকেন্দ্ৰিক সংঘাত তুংগত : ফেচবুকত দেৱব্ৰত শইকীয়াৰ ইংগিতপূৰ্ণ প’ষ্ট