/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-15/lhwcnu7f/congress.jpg)
ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত কংগ্ৰেছৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই দিয়া এক প’ষ্টকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শইকীয়াই তেঁওৰ ফেচবুক একাউণ্টৰ পৰা দিয়া প’ষ্টত লিখিছে- লোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা ল’লে ভাল। নিজৰ ওপৰত প্ৰয়োগ কৰি ল’লে ক্ষতি হ’ব। হাৰিয়ানাৰ পৰা কিবা কিবি শিকিব পাৰিলে ভাল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-15/0qry1k66/e2ee06e7-5401-4fb1-bd95-c85bb7b043fd.jpg)
অনুমান কৰা হৈছে কংগ্ৰেছ নেতাগৰাকীয়ে নিজ দলৰ কোনো নেতাক উদ্দেশ্যিয়েই এই কৌশলপূৰ্ণ প’ষ্ট দিছে ফেচবুকত। বৰ্তমানৰ এ পি চি চিৰ সভাপতি ভূপেন বৰাক দেৱব্ৰত শইকীয়াৰ লক্ষ্য হৈছে বুলিও একাংশই মন্তব্য কৰিছে।
ইফালে এই প’ষ্টৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলক দেৱব্ৰত শইকীয়াই কয়- চানক্য নীতিৰ আধাৰত তেঁও এই প’ষ্ট দিছে। ইয়াত কাকো লক্ষ্য কৰি লোৱা হোৱা নাই।
ইফালে উপ- নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত সভাপতিকেন্দ্ৰিক যুঁজখন আৰু তীব্ৰতৰ হৈ পৰিছে। ভূপেন বৰাৰ কেইবাজনো সমৰ্থকে তেঁওকে এই দায়িত্বত বাহাল ৰাখিবৰ বাবে হাইকামাণ্ডক ইতিমধ্যে অনুৰোধ জনাইছে।
এই লবীটোৱে ভূপেন বৰাৰ নেতৃত্বত দিল্লীত বাহৰ পাতি হাইকামাণ্ডৰ সাক্ষাতৰ বাবে অপেক্ষা কৰিছে। আনহাতে গৌৰৱ গগৈৰ নাম সভাপতি পদৰ বাবে প্ৰস্তাৱ কৰিছে প্ৰদেশ কংগ্ৰেছৰ আন এক লবীয়ে। দলীয় ভিতৰচ’ৰাত চলি থকা সেই সভাপতিকেন্দ্ৰিক সংঘাতৰ মাজতে দেৱব্ৰত শইকীয়াৰ এই ফেচবুক প’ষ্টে বিশেষ তাৎপৰ্য আৰু ইংগিত বহন কৰিছে।
Also Read: স্বচ্ছ মথুৰাপুৰ : এগৰাকী মহিলাই নীৰৱে পৰিষ্কাৰ কৰি আহিছে অঞ্চলটোৰ বাট-পথ