প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ, যোগদান বিজেপিত

প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাৰ পদত্যাগৰ পাছতে বুধবাৰে পদত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰুয দিহিঙীয়াই।

author-image
Asomiya Pratidin
New Update
প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ, যোগদান বিজেপিত

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত অব্যাহত আছে খহনীয়া। মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাৰ পদত্যাগৰ পাছতে বুধবাৰে পদত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰুয দিহিঙীয়াই।

Advertisment

পদত্যাগৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে তেওঁ আৰু পাছত যোগদান কৰে বিজেপিত। লোকসভা নিৰ্বাচনত টিকট নোপোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে দিহিঙীয়াই।

উল্লেখ্য যে, যোৱা কেইটামান দিন কংগ্ৰেছত দল ত্যাগৰ ধাৰা অব্যাহত আছে। বিগত দিন কেইটাত বহু জ্যেষ্ঠ নেতাই দল ত্যাগ কৰিছে। লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতেই দলীয় বিদ্ৰোহ বৃদ্ধি পাইছে। পৰৱৰ্তী সময়ত আৰু বহু নেতাই দল ত্য়াগ কৰাৰ সম্ভাৱণা আছে।

Also Read: ক্ৰাইম ব্ৰাঞ্চৰ জালত ASI কৃষ্ণা নন্দ উপাধ্যায়

loksabha election apcc