/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b610d2b6-0a0a-4b4a-a32e-63b1a920477a/ghoror_dam.jpg)
ডিজিটেল ডেস্ক : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ নাট শাখাই মঞ্চস্থ কৰিব "ঘৰৰ দাম" শীৰ্ষক এখন নাট । অনুৰাধা শৰ্মা পূজাৰীৰ একে নামৰ গল্পৰ আধাৰত মঞ্চস্থ হ'ব লগা নাটক খনৰ পৰিকল্পনা আৰু পৰিচালনা অবিনাশ শৰ্মাৰ । ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত সন্ধিয়া ৬ বজাত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এই নাটক প্ৰদৰ্শিত হ'ব । ঘৰৰ দাম শীৰ্ষক গল্পটো নাট্যৰূপ দিছে অবিনাশ শৰ্মাই । নাটক খনৰ আৱহ সংগীত মনদীপ মহন্তৰ ।
আৰু পঢ়ক : প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ অন্য প্ৰান্তৰ সৈতে উত্তৰ-পূৱৰ "মন কী দূৰী" অন্ত পেলালে...