প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ অন্য প্ৰান্তৰ সৈতে উত্তৰ-পূৱৰ "মন কী দূৰী" অন্ত পেলালে...

প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ অন্য প্ৰান্তৰ সৈতে উত্তৰ-পূৱৰ "মন কী দূৰী" অন্ত পেলালে...

ডিজিটেল ডেস্ক : উত্তৰ-পূৱৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্নয়ণ মূলক কামৰ ওপৰিও আন এক বিশেষ উল্লেখযোগ্য কাম যোৱা ৯ বছৰত কৰিছে । উত্তৰ-পূৱৰ সৈতে বিমান যোগাযোগ, ৰে'ল যোগাযোগ আৰু আন উন্নয়নমূলক কাম কৰাৰ লগতে মোডীয়ে কৰা এই কাম বিশেষভাৱে উল্লেখযোগ্য । উত্তৰ-পূৱত বিভিন্ন জাতি জনজাতিয়ে যি স্বকীয় পৰিচয় হেৰুৱাব বুলি এচামে অপ প্ৰচাৰ চলাইছিল এতিয়া তাৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এ এন আই নামৰ এটি সংবাদ এজেন্সীক দিয়া সাক্ষাৎকাৰত মন্তব্য প্ৰদান কৰে যে, স্থানীয় জাতি জনগোষ্ঠী সমূহৰ নিজস্ব ভাষাত শিক্ষাদান আৰম্ভ হোৱাটো এক বিশেষ পদক্ষেপ । স্থানীয় ভাষাত উত্তৰ-পূৱৰ প্ৰায়বোৰ ৰাজ্যতেই প্ৰাথমিক শিক্ষা দিয়াৰ সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলিও তেওঁ উল্লেখ কৰে ।

প্ৰসংগ ক্ৰমে তেওঁ বড়োলেণ্ডত বড়ো ভাষাত প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ উদাহৰণ দাঙি ধৰে । অমিত শ্বাহে কয় যে, ভাৰতৰ আন প্ৰান্তৰ সৈতে উত্তৰ-পূৱৰ এক মানসিক দূৰত্ব আছে । সেই দূৰত্ব শেষ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in