/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ea140c26-75bf-4e44-9ef0-5d149353351e/l4.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গুৱাহাটীৰ পিছত এইবাৰ ভয়ংকৰ ৰূপত প্ৰদূষিত হৈছে গোলাঘাট চহৰৰ বায়ুমণ্ডল। বৰ্দ্ধিত বায়ু মানদণ্ড সূচকাংক চমুকৈ AQI ৰ মানে উদঙাইছে গোলাঘাটৰ বায়ুমণ্ডলৰ ভয়ংকৰ ৰূপ।
বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইনতকৈ ৮ গুণ বেছি প্ৰদূষিত হৈছে গোলাঘাটৰ বায়ুমণ্ডল। গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰসায়ন বিজ্ঞানৰ অধ্যাপক তথা বিশিষ্ট পৰিবেশকৰ্মী,নিবন্ধকাৰ ড০ নৃপেন কুমাৰ বৰুৱাৰ অধ্যয়নত ওলাইছে এই ভয়ংকৰ তথ্য।
গোলাঘাটৰ বৰ্তমান বায়ু মানদণ্ড সূচকাংক ৯৩। বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি অনুসৰি ইয়াৰ মান ৫০তকৈ বৃদ্ধি পালে শ্বাস-প্ৰশ্বাসৰ বাবে অনুপযোগী হয় বায়ু। গোলাঘাটৰ বায়ুমণ্ডলত বৰ্দ্ধিত Black কাৰ্বন জাতীয় উপাদানে শ্বাস-প্ৰশ্বাসৰ সৈতে অৱস্থান কৰিছে গোলাঘাটবাসীৰ হৃদযন্ত্ৰত।
যাৰ বাবে ভয়ংকৰ বিপদৰ দিশে আগবাঢ়িছে গোলাঘাটবাসী। ভাৰতৰ ভিতৰতে প্ৰদূষিত এখন ৰাজ্য হিচাপে চিনাক্ত হ'বলৈ গৈছে অসম। এনেদৰে আশংকা প্ৰকাশ কৰি অৱসৰী অধ্যাপকগৰাকীয়ে আৰু কয় যে ৰাজ্যত গুৱাহাটীৰ পাছত গোলাঘাটেই আটাইতকৈ বেছি প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হ'বলৈ আৰু দিন নাই ।