বঙালী বিৰোধী বিজেপি ! ত্ৰিপুৰাবাসীক ভোট নিদিবলৈ আহ্বান বি ডি এফৰ...

বঙালী বিৰোধী বিজেপি ! ত্ৰিপুৰাবাসীক ভোট নিদিবলৈ আহ্বান বি ডি এফৰ...
বঙালী বিৰোধী বিজেপি ! ত্ৰিপুৰাবাসীক ভোট নিদিবলৈ আহ্বান বি ডি এফৰ...

ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে থিয় দিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট। বিডিএফে ত্ৰিপুৰা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শাসনত অসমত বঙালীসকল ভয়ানক সংকটৰ সন্মুখীন হোৱাৰ কথা সোঁৱৰাই দিছে ত্ৰিপুৰাবাসীক।

বি ডি এফে অসমত বিজেপিৰ শাসনত বঙালীসকলে নাগৰিকত্বকলৈ অনিশ্চয়তা, চৰকাৰী সুবিধাৰ পৰা বঞ্চনা, বঙালী ভাষী লোকক নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে অৱহেলিত হৈ পৰিছে বুলি স্পষ্ট কৰি দিছে।

"অসমৰ ৩ কোটি ৩০ লাখ জনসংখ্যাৰ ভিতৰত এক কোটি বাঙালী, লোক। বৰাক উপত্যকাত ইয়াৰে ৪৫ লাখ বঙালী লোক আছে। অৰ্থাৎ এক-তৃতীয়াংশ বৰাক উপত্যকাত আছে, সমানেই আছে বিভিন্ন জাতি, জনজাতীৰ লোক।

এই সন্দৰ্ভত বিডিএফৰ নেতা প্ৰদীপ দত্তই কয়, বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা বাঙালীসকলক বাৰে বাৰে হাৰাশাস্তি কৰি অহা হৈছে। এন আৰ চি প্ৰস্তুত কৰাৰ নামত বাঙালীসকলক যথেষ্ট দুৰ্দশাত পেলোৱা হৈছে।

তেওঁ কয়, দেশৰ কোনো ঠাইতে ডি ভোটাৰ বুলি কোনো বস্তু নাই। কিন্তু অসমত বাঙালীসকলৰ বাবে ডি বা সন্দেহজনক ভোটাৰ আছে।

শিলচৰত নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ভাষণৰ কথা উল্লেখ কৰি তেওঁ কয়, সেই সময়ত মোডীয়ে কৈছিল যে, যদি বিজেপি শাসনলৈ আহে, তেন্তে তেওঁ ডিটেনচন চেণ্টাৰসমূহ ভাঙি পেলাব। কিন্তু বিজেপি শাসনলৈ অহাৰ পিছত ইয়াৰ বিপৰীত ঘটনা হে ঘটিল।

চাকৰিৰ পৰিসংখ্যা প্ৰদান কৰি প্ৰদীপ দত্তৰাই কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত ২৭,০০০ চাকৰি সৃষ্টি হৈছিল। কিন্তু জনসংখ্যাৰ এক-তৃতীয়াংশ বাঙালীসকলৰ বাবে মাত্ৰ ১৭০ টা চাকৰি উপলব্ধ আছিল।

সেয়ে ত্ৰিপুৰাবাসীত আগন্তুক বিধানসভাৰ নিৰ্বাচনত যি দলকেই বা যি প্ৰাৰ্থীকেই ভোট দিয়ে দিয়ক কিন্তু বাঙালী বিৰোধী বিজেপিক ভোট নিদিবলৈ আহ্বান জনাইছে।

বঙালী বিৰোধী বিজেপি ! ত্ৰিপুৰাবাসীক ভোট নিদিবলৈ আহ্বান বি ডি এফৰ...
কি বাতৰি চাব, সেয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in