ঠিকাদাৰী সংস্থা তানিচা ইঞ্জিনিয়াৰাৰ্ছৰ আন এক কু-কীৰ্তি...

ঠিকাদাৰী সংস্থা তানিচা ইঞ্জিনিয়াৰাৰ্ছৰ আন এক কু-কীৰ্তি...

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত পাহাৰ কাটি ইলেকট্ৰিক টাৱাৰ নিৰ্মাণৰ কৰাৰ নামত তানিচা ইঞ্জিনিয়াৰাৰ্ছ নামৰ ঠিকাদাৰী সংস্থা এটাৰ বিৰুদ্ধে উত্থাপন হৈছে আন কিছু অভিযোগ । সংস্থাটোৱে বকোৰ ভালুকঘাটা পাৱাৰ গ্ৰীড চাব ষ্টেচনৰ পৰা বকো ৰে'ল ষ্টেচনত বিদ্যুৎ সংযোগ দিয়াৰ নামত ভেহুঁৱা পাহাৰত যধে-মধে মাটি খন্দাৰ লগতে শিল ভঙাৰ উপৰিও গছ-গছনি কাটি তহিলং কৰা ধ্বংস কাৰ্যৰ বাতৰি ইতিমধ্যে প্ৰকাশ কৰা হৈছিল সংবাদ মাধ্যমত ।

ঠিকাদাৰী সংস্থাটোৱে ১২টা পৰিয়ালৰ ম্যাদী মাটিত ইলেকট্ৰিক টাৱাৰ নিৰ্মাণ কৰি পৰিয়াল কেইটাক মাটিৰ উপযুক্ত মূল্য নিদিয়াৰ বিষয়াও বাতৰিত প্ৰকাশ পাইছে । সংস্থাটোৱে যে সাধাৰণ শ্ৰমিক আৰু চালক-হেণ্ডিমেনকো প্ৰৱঞ্চনা কৰি আহিছে সেয়া নতুনকৈ পোহৰলৈ আহিছে । অভিযোগ মতে ঠিকাদাৰী সংস্থাটোৱে ভেহুঁৱা পাহাৰত টাৱাৰ নিৰ্মাণ কৰি থকা ঠাইত দুগৰাকী শ্ৰমিকক পহৰাৰ বাবে নিয়োগ কৰিছে ।

দিন-ৰাতিক একাকাৰ কৰি পহৰা দি থকা শ্ৰমিক দুগৰাকীক দিনে মাত্ৰ তিনিশ টকাকৈ দিন হাজিৰাৰ বন্দবস্তি কৰিছে । ঢেকীয়াবড়ীগাঁৱৰ শ্ৰমিক হিচাপে নিয়োগ কৰা ব্ৰজেন দাস আৰু ৰাতুল কলিতা নামৰ শ্ৰমিক দুগৰাকীক সংস্থাটোৱে যোৱা ১০ দিনধৰি টকা-পইচা দিয়া নাই ।

ফলত শ্ৰমিক দুগৰাকীৰ পৰিয়ালৰ পোহপাল দিয়াত অসুবিধা হৈছে । আনহাতে পাহাৰখন কাটি তহিলং কৰাৰ ৰাইজে অভিযোগ দাখিল কৰাৰ পিছত যোৱা কিছুদিন ধৰি পাহাৰখনত আৰক্ষী-প্ৰশাসনৰ লগতে বনবিভাগক বিষয়া-কৰ্মচাৰীয়ে আহা-যোৱা কৰি আছে । ফলত আইনৰ আওভাও নুবুজা সাধাৰণ শ্ৰমিক দুগৰাকীয়ে বিপাঙত পৰিছে ।

কাৰণ এনে জটিল সন্ধিক্ষণত ঠিকাদাৰী সংস্থাটোৰ কোনেও তেওঁলোকৰ কাষত থকা নাই । সংস্থাটোৱে মাটি খান্দিবলৈ অনা ক'কেলেং এখনৰ চালক-হেণ্ডিমেন দুগৰাকীক খোৱাৰ কোনো খা-খৰছ দি থকা নাই । কোকৰাঝাৰৰ ছফিকুল আলি আৰু পঞ্চৰত্নৰ ছৰিফুল ইছলাম নামৰ চালক-হেণ্ডিমেনক দুগৰাকীয়ে যিটো পৰিয়ালৰ ঘৰত ভাড়া থাকে তেওঁলোকক কেইবা মাহো ধৰি ভাড়া আদায় দিয়া নাই । যাৰ বাবে ঘৰৰ পৰিয়ালটোৱে ঘৰ ভাড়াৰ বাবে চালক-হেণ্ডিমেনক দুগৰাকীক অহৰসহ হেঁচা প্ৰয়োগ কৰি আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in