২৩ সংখ্যক বকো আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন...

বকো বজাৰৰ সমীপৰ ৰাস উদযাপনস্থলী গোপীনাথ গোসাঁইঘৰ প্ৰাঙ্গনৰ বাকৰিত লাইখুঁটা স্থাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
২৩ সংখ্যক বকো আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন...

boko rass

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত ৰাস মহোৎসৱ উদযাপনৰ বিশাল প্ৰস্তুতি চলিছে । সেই উপলক্ষে বৃহস্পতিবাৰে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকো বজাৰৰ সমীপৰ ৰাস উদযাপনস্থলী গোপীনাথ গোসাঁইঘৰ প্ৰাঙ্গনৰ বাকৰিত লাইখুঁটা স্থাপন কৰা হয় ।

Advertisment

লাইখুটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই। লাইখুটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে বকো আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ননীগোপাল ৰাভা, সম্পাদক জগন্নাথ ৰাভা, মূল সমিতিৰ সভাপতি উপেন ৰাভা, সম্পাদক হীৰেণ ৰাভা, উপদেষ্টা তৰুণ চন্দ্ৰ বড়োকে ধৰি বিশিষ্ট ব্যক্তিয়ে।

উল্লেখযোগ্য যে অহা ৭ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ১১ দিনীয়াকৈ এইবাৰ ২৩ সংখ্যক বকো আঞ্চলিক ৰাস মহোৎসৱ উদযাপন কৰা হ'ব ।

assam BOKO guwahati