শ্বাহ আলমৰ এনকাউন্টাৰৰ পাছত এইবাৰ আৰক্ষীৰ জালত হৰেণ পাটগিৰি

dangor kotha
dangor kotha

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্য কপাই যোৱা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰৰ এনকাউন্টাৰৰ পিছতেই এইবাৰ মহানগৰ আৰক্ষীৰ জালত পৰিল দলটোৰ অন্যতম অপৰাধী হৰেণ পাটগিৰি ।

কেৱল এটা হত্যাকাণ্ডই নহয় বৰং ৰাজ্যখনৰ কেইবাটাও ডকাইতি কাণ্ডৰ সৈতেও জড়িত আছিল হৰেণ পাটগিৰি । মুকালমুৱাৰ ডকাইতি কাণ্ডৰো অন্যতম অভিযুক্ত হৰেণ পাটগিৰি ।

শনিবাৰে মহানগৰীৰ কাহিলীপাৰাৰ পৰা অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু দিছপুৰ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তজনক ।শ্বাহ আলমৰ গেং অৱ চিক্সৰ অন্যতম সদস্য হৰেণ পাটগিৰিক ইতিমধ্যে চমজাই দিয়া হৈছে মুকালমুৱা আৰক্ষীক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in