বিপদে লগ এৰা নাই লীনা দলেকঃ আন এক গোচৰৰ বাবে সন্মুখীন হ'ব লাগিব জেৰাৰ

বিপদে লগ এৰা নাই লীনা দলেকঃ আন এক গোচৰৰ বাবে সন্মুখীন হ'ব লাগিব জেৰাৰ

author-image
Asomiya Pratidin
New Update
বিপদে লগ এৰা নাই লীনা দলেকঃ আন এক গোচৰৰ বাবে সন্মুখীন হ'ব লাগিব জেৰাৰ

ডিজিটেল ডেস্কঃ বিপদে লগ এৰা নাই আৰক্ষী অধীক্ষক লীনা দলেক। নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ সন্মুখত আন এক বিপদে ধৰা দিছে। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলি থকাৰ সময়তে আন এটা গোচৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে সন্মুখীন হ'ব জেৰাৰ।

Advertisment

আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু সন্দৰ্ভত জেৰাৰ সন্মুখীন হ’ব লীনা দলেয়ে। উল্লেখ্য যে, লীনা দলে নগাঁৱৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়ছোৱাত আৰক্ষীৰ জিম্মাত ছফিকুল ইছলাম নামৰ লোক এজনৰ মৃত্যু ঘটিছিল। বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হৈছিল এই ঘটনা।

ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে ১৭জন আৰক্ষীক জেৰা চলাব বুলি জানিব পৰা গৈছে। অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ সন্মুখত আটাইকেইজন আৰক্ষীয়ে হাজিৰ হ’ব লাগিব। য'ত ১৭ আৰক্ষীৰ ভিতৰত তদানীন্তন অধীক্ষক লীনা দলেও উপস্থিত হ'ব লাগিব প্ৰকাশ পাইছে।

Also Read: যৌন নিৰ্যাতনঃ প্ৰশিক্ষকৰ বিৰুদ্ধে নাবালকসহ ৫ মহিলা শ্বুটাৰৰ অভিযোগ

leena doley Assam police