যৌন নিৰ্যাতনঃ প্ৰশিক্ষকৰ বিৰুদ্ধে নাবালকসহ ৫ মহিলা শ্বুটাৰৰ অভিযোগ

যৌন নিৰ্যাতনঃ প্ৰশিক্ষকৰ বিৰুদ্ধে নাবালকসহ ৫ মহিলা শ্বুটাৰৰ অভিযোগ

ডিজিটেল ডেস্কঃ দেশত পুনৰ প্ৰশিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ মহিলা খেলুৱৈৰ। এগৰাকী নাবালকসহ ৫গৰাকী মহিলা শ্বুটাৰে প্ৰশিক্ষকৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ। অভিযোগ অনুসৰি ৰাজস্থান ৰাইফল এছ'চিয়েশ্যন (আৰআৰএ)ৰ এগৰাকী ৩৮ বছৰীয়া প্ৰশিক্ষকে দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছে নিজ প্ৰশিক্ষাৰ্থীক।

যোৱা তিনি বছৰ ধৰি ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। জানিব পৰা মতে এই সন্দৰ্ভত জয়পুৰৰ মালৱীয় নগৰ আৰক্ষী থানাত অভিযুক্তই এজাহাৰ দাখিল কৰিছে। অভিযুক্তৰ এজাহাৰৰ ভিত্তিত ৩৭৬ ধাৰা আৰু POCSO আইনৰ আধাৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা নিযুক্তি প্ৰাপ্ত প্ৰশিক্ষকজনক নিলম্বনৰ বাবে ইতিমধ্যেই আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই। খবৰ অনুসৰি তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত প্ৰশিক্ষকজনক নিলম্বনৰ বাবে যো-জা চলাইছে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ বিভাগে।

যৌন নিৰ্যাতনঃ প্ৰশিক্ষকৰ বিৰুদ্ধে নাবালকসহ ৫ মহিলা শ্বুটাৰৰ অভিযোগ
৬৫,০০০ টকাত পিতৃয়ে বিক্ৰী কৰা পুত্ৰক উদ্ধাৰ ঘিলামৰা আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in