ৰঙিয়াত সদৌ অসম ৰে'লৱে হকাৰ সন্থাৰ বাৰ্ষিক অধিৱেশন

ৰঙিয়াত সদৌ অসম ৰে'লৱে হকাৰ সন্থাৰ বাৰ্ষিক অধিৱেশন

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত সদৌ অসম ৰে'লৱে হকাৰ সন্থাৰ বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়াত শুকুৰবাৰে সদৌ অসম ৰে'লৱে হকাৰ সন্থাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। ৰে'লৱে কমিউনিটী হলত অনুষ্ঠিত হোৱা অধিবেশনত সমগ্ৰ অসমৰ পৰা প্ৰায় পাঁচ শতাধিক প্ৰতিনিধি সমাবেত হয়।

Advertisment

উল্লেখ্য যে বিভিন্ন সময়ত এই হকাৰসকলে সন্মুখীন হোৱা সমস্যাসমূ্হৰ বিষয়ে সভাত আলোচনা কৰে। মূলতঃ ৰে'লত ব্যৱসায় কৰোতে ৰে'লৱে আৰক্ষীৰপৰা যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হয় বুলি কয় ।

সভাত বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া আশুতোষ, শ্ৰম বিভাগৰ বিষয়া পংকজ পাঠক, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, সুৱল পালসহ বহু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Also Read: ঋষভ ছেট্টি শ্রেষ্ঠ অভিনেতা আৰু অৰিজিৎ সিঙলৈ শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা

rangia