গোধৰা কাণ্ড! ৫৯ জনৰ প্ৰাণ লোৱা ৮ জন দোষীৰ জামিন মঞ্জুৰ উচ্চতম ন্যয়ালয়ৰ

৮ দোষীৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। গুজৰাটৰ গোধৰা কাণ্ডৰ এই আটাইকেইজন দোষীৰ বৃহস্পতিবাৰে জামিন প্ৰদান কৰে ন্য়ায়ালয়ে।

author-image
Asomiya Pratidin
New Update
গোধৰা কাণ্ড! ৫৯ জনৰ প্ৰাণ লোৱা ৮ জন দোষীৰ জামিন মঞ্জুৰ উচ্চতম ন্যয়ালয়ৰ

ডিজিটেল ডেস্কঃ ৮ দোষীৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। গুজৰাটৰ গোধৰা কাণ্ডৰ এই আটাইকেইজন দোষীৰ বৃহস্পতিবাৰে জামিন প্ৰদান কৰে ন্য়ায়ালয়ে।

Advertisment

আজীৱন কাৰাদণ্ড খাটি থকা এই লোক সকলে ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰে। এই সকল দোষীয়ে ১৭ ৰ পৰা ২০ বছৰলৈকে শাস্তি ভোগ কৰিছে। ইয়াৰ সমান্তৰালভাৱে আন ৪ জন দোষীক জামিন মঞ্জুৰ কৰিবলৈ অস্বীকাৰ কৰে ন্যায়ালয়ে। এওঁলোকক নিম্ন আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল পাছত উচ্চ ন্যায়ালয়ে তেওঁলোকক আজীৱন কাৰাদণ্ড বিহিছিল।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে গোধৰা গোচৰৰ দোষীসকলৰ জামিন গোচৰৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। দোষীৰ অধিবক্তা সঞ্জয় হেগড়ে ঈদৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক জামিন দিবলৈ আবেদন কৰিছিল।

আজীৱন কাৰাবাস খাটি থকা আব্দুল ৰেহমান ধন্তিয়া,আব্দুল সাত্তাৰ ইব্ৰাহিম গাড্ডীকে ধৰি ২৭ দোষীয়ে কৰা আবেদনৰ ওপৰত শুনানি হৈছিল ন্যায়ালয়ত। উল্লেখ্য যে, ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰী সৱৰমতী এক্সপ্ৰেছৰ এটা দবাৰ দুৱাৰ বন্ধ কৰি অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছিল। যাৰ ফলত ৫৯ জন লোকৰ মৃত্যু হৈছিল। এই ঘটনাতে দোষী সাৱ্যস্ত হৈছিল আটাইকেইজন। আৰু পৰৱৰ্তী সময়ত গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল।