কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ অংকিতা দত্তক...

অৱশেষত প্ৰাথমিক সদস্য পদৰ পৰা ড০ অংকিতা দত্তক বহিষ্কাৰ কৰিছে কংগ্ৰেছে । ছয় বছৰৰ বাবে বহিষ্কৃত কৰা হৈছে কংগ্ৰেছ যুৱ নেত্ৰীগৰাকীক
কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ অংকিতা দত্তক...

ডিজিটেল ডেস্কঃ অৱশেষত প্ৰাথমিক সদস্য পদৰ পৰা ড০ অংকিতা দত্তক বহিষ্কাৰ কৰিছে কংগ্ৰেছে । ছয় বছৰৰ বাবে বহিষ্কৃত কৰা হৈছে কংগ্ৰেছ যুৱ নেত্ৰীগৰাকীক ।

শনিবাৰে এআইচিচিয়ে জাৰি কৰিছে এই নিৰ্দেশনা । এআইচিচিৰ সাধাৰণ সম্পাদক তাৰিক আনুৱাৰে দল বিৰোধী কাৰ্য-কলাপত লিপ্ত হোৱাৰ অভিযোগত এই বহিষ্কৃত কৰা হৈছে বুলি প্ৰেছ বিজ্ঞপ্তি প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে শেহতীয়াকৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস বি ভিৰ বিৰুদ্ধে অংকিতাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । ঘটনা সন্দৰ্ভত কংগ্ৰেছ যুৱ নেত্ৰীগৰাকীয়ে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল ।

দিছপুৰ থানাই গোচৰটো চিবিআইলৈ স্থানান্তৰ কৰিছিল । ইয়াৰ পিছতেই শুকুৰবাৰৰ দিনটোত চিবিআয়াই সোধা-পোছা কৰিছিল কংগ্ৰেছ নেত্ৰীগৰাকীক ।

এইলৈ বৰ্তমানে উত্তাল হৈ আছে ৰাজ্যৰ লগতে কৰ্ণাটকৰ ৰাজনীতি । যিহেতু সমাগত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সংঘটিত এনে ঘটনাই কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছ দলক প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে । লগতে বিশ্লেষকসকলে কয় যে যিহেতু কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনী বতাহ কংগ্ৰেছৰ পক্ষে বলি থকাৰ সময়তে এনে ঘটনাই বিজেপিকহে নিৰ্বাচনত সহায় কৰিব ।

কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ অংকিতা দত্তক...
ঢকুৱাখনাত পৱিত্ৰ ঈদৰ সমূহীয়া নামাজ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in