ঢকুৱাখনাত পৱিত্ৰ ঈদৰ সমূহীয়া নামাজ...

শনিবাৰে দেশৰ লগতে ৰাজ্যৰ সমূহ ইছলাম ধৰ্মী লোকসকলে উৎযাপন কৰিছে পৱিত্ৰ ঈদ "ঈদ উল ফিটৰ" । এই লৈ দেশৰ সকলো প্ৰান্তৰ মছজিদৰ লগতে ইদগাহসমূহত সমূহীয়া নামাজৰ বাবে ভিৰ পৰিলক্ষিত হৈছে । সকলোতে ঈদৰ উৎসাহ উদ্দিপনা দেখিবলৈ পোৱা গৈছে
সমূহীয়া নামাজ
সমূহীয়া নামাজ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ শনিবাৰে দেশৰ লগতে ৰাজ্যৰ সমূহ ইছলাম ধৰ্মী লোকসকলে উৎযাপন কৰিছে পৱিত্ৰ ঈদ "ঈদ উল ফিটৰ" । এই লৈ দেশৰ সকলো প্ৰান্তৰ মছজিদৰ লগতে ইদগাহসমূহত সমূহীয়া নামাজৰ বাবে ভিৰ পৰিলক্ষিত হৈছে । সকলোতে ঈদৰ উৎসাহ উদ্দিপনা দেখিবলৈ পোৱা গৈছে ।

ইছলাম ধৰ্মী ৰাইজে "ঈদ উল ফিটৰ" উপলক্ষে আজি ঢকুৱাখনাতো অনুষ্ঠিত কৰা হয় সমূহীয়া নামাজ । ঢকুৱাখনা নগৰৰ মানিকপুৰ ৰাজহুৱা ঈদগাহ মৈদান প্ৰাংগণত এই উপলক্ষে পুৱা ৯-৩০ বজাত ঢকুৱাখনা নগৰৰ লগতে সমীপৱৰ্তী বিভিন্ন অঞ্চলৰ কেইবা শতাধিক ইছলাম ধৰ্মী ৰাইজ উপস্থিত হয় ।

নামাজ
নামাজ

সুদৃশ্য তোৰণ আৰু বিভিন্ন সাজ-সজ্জাৰে সজাই তোলা ঈদগাহ ময়দান প্ৰাংগণত সমূহীয়া নামাজ পাঠ কৰাই মুফটি আব্দুল কৰিমে । ঐক্য শান্তি ভাতৃত্ববোধৰ বাণী বিলাই ইজনে সিজনক আঁকোৱালি লৈ নামাজৰ পাছত পৰম্পৰাগত মিঠাই খুৱাই । লগতে অভ্যাগত সকলকো আপ্যায়িত কৰি অনাগত সময়ত সম্প্ৰীতিৰে জীয়াই থকাৰ সংকল্প গ্ৰহণ কৰে ।

এমাহ যোৰা ৰমজান মাহৰ কঠোৰ নিয়মৰ মাজেৰে ৰখা ৰোজা বৃহস্পতিবাৰে সন্ধিয়া সমাপ্তি পৰে । ইয়াৰ পিছতেই আজি ঈদ উদযাপন কৰিছে ইছলামধৰ্মৰ লোকসকলে ।

সমূহীয়া নামাজ
আজি চৰকাৰী আৱাসগৃহ এৰিব ৰাহুল গান্ধীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in