/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7eeba2d7-1ecd-41df-b3e0-c36da2ffc0f1/gffdfd.jpg)
ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান।
মঙলবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি হয় বিশিষ্ট সাংবাদিকগৰাকীৰ।
বৰুৱা জনমভূমি, দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদকো আছিল।
১৯৩৯ চনত জন্মলাভ কৰা বৰুৱাৰ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লয়।
সোমবাৰে সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক।
আজি সন্ধিয়া ৬.৫০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
অসমৰ সংবাদ ক্ষেত্ৰখনৰ অতিকে প্ৰভাৱশালী ব্যক্তিগৰাকী ইতিপূৰ্বেও হৃদৰোগত আক্ৰান্ত হোৱাত এবাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।
ইফালে সংবাদ ক্ষেত্ৰৰ আন এগৰাকী বলিষ্ঠ কণ্ঠ ৯০ উৰ্ধৰ সাংবাদিক ধীৰণে চক্ৰৱৰ্তী চিকিৎসাধীন হৈ থকা অৱস্থাতে হঠাৎ অনিল বৰুৱাৰ মৃত্যুৰ খবৰে ৰাজ্যবাসীক মৰ্মাহত কৰি তুলিছে।
উল্লেখ্য যে, ৩ কন্যা সন্তানৰ পিতৃ বৰুৱাৰ নশ্বৰ দেহৰ অন্তোষ্টিক্ৰিয়া বাংগালুৰুত থকা কনিষ্ঠ কন্যা আহি পোৱাৰ পাছত বুধবাৰে সম্পন্ন কৰা হ'ব।
Also Read: মায়ঙৰ ঝাৰগাঁও বজাৰৰ মাজমজিয়াত দিনৰ পোহৰতে এজন দৰ্জীক হত্যা