Advertisment

চৰকাৰৰ বিশেষ সিদ্ধান্তঃ মাদ্ৰাছাত শিকোৱা হ'ব গণিত,বিজ্ঞান, ইংৰাজী, কানাড়া

চৰকাৰৰ বিশেষ সিদ্ধান্তঃ মাদ্ৰাছাত শিকোৱা হ'ব গণিত,বিজ্ঞান, ইংৰাজী, কানাড়া

author-image
Asomiya Pratidin
New Update
২০২২ত ভংগ হ’ব ৰাজ্যিক মাদ্ৰাছা ব’ৰ্ডঃ হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল ডেস্কঃ মাদ্ৰাছাত পঢ়োৱা হ'ব গণিত, ইংৰাজী আদি বিষয়। কৰ্ণাটক চৰকাৰে লৈছে এই বিশেষ সিদ্ধান্ত। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই বৃহস্পতিবাৰে কয় যে দুবছৰৰ বাবে পঞ্জীভুক্ত মাদ্ৰাছাসমূহত পৰীক্ষামূ ভিত্তিত গণিত,বিজ্ঞান,কানাড়া আৰু ইংৰাজী শিকোৱা হ'ব।

Advertisment

এই সন্দৰ্ভত ইতিমধ্যেই এক নিৰ্দেশনা জাৰি হৈছে। মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই এক্সত লিখে যে, "ৱাকফ সম্পত্তি আৰু ৱাকফ প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত পঞ্জীভুক্ত মাদ্ৰাছাত অধ্যয়ন কৰি থকা শিশুসকলক পৰীক্ষামূভিত্তিত দুবছৰৰ বাবে কানাড়া, ইংৰাজী, বিজ্ঞান, গণিত আৰু অন্যান্য বিষয় শিকোৱা হ'ব। লগতে নেচনেল অপেন এছএছএলচিৰ ,পিইউচি আৰু স্নাতক পৰীক্ষা দিব পাৰিব।

জানিব পৰা মতে ১০০ খন মাদ্ৰাছাত প্ৰথমে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব।

Also Read: সমাজসেৱিকা অঞ্জলী দত্ত সোঁৱৰণী ঊনবিংশ সংখ্যক বক্তৃতানুষ্ঠান সম্পন্ন

karnataka madrasa