কুৰুৱাবাহীত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

author-image
Asomiya Pratidin
New Update
কুৰুৱাবাহীত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ উদ্বোধন  মন্ত্ৰী অতুল বৰাৰ

ডিজিটেল সংবাদ, বোকাখাত : অংগনবাড়ী কেন্দ্রসমূহ হৈছে শিশুসকলৰ পৰিপুষ্টি, মানসিক আৰু শাৰীৰিক বিকাশৰ উৎকৃষ্ট কেন্দ্রস্থল। শিশুসকলক এই কেন্দ্ৰসমূহৰ জৰিয়তে সৰ্বতো প্ৰকাৰৰ জ্ঞানৰ ধাৰণা দি উচ্চ শিক্ষা গ্ৰহণৰ বাবে উপযুক্ত কৰি গঢ়ি তোলা হয় আৰু ইয়াৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰ খুবেই প্ৰয়োজন । ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা বহু আদৰ্শ অংগনবাড়ী কেন্দ্র শিশুসকলৰ বাবে মুকলি কৰি দিছে ৰাজ্য চৰকাৰে।

Advertisment

শনিবাৰে বোকাখাত বিধান সভা সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধিনৰ ২৫ লাখ টকাৰ ব্যয়ৰে সাজি উলিওৱা ৯৩ নং শ্ৰীমন্ত মাধৱ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে মন্ত্ৰী জেষ্ঠ কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই।

শনিবাৰৰ এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে বোকাখাত মহকুমাৰ মহকুমাধিপতি নেহা যাদব, কুৰুৱ‌বাহী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুপা বৰা, সমাজকৰ্মী শ্ৰীৰাম দাস, গোলাঘাট পশ্চিম খণ্ড উন্নয়ণ বিষয়া পাৰ্থজিৎ গগৈ আৰু কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে কুৰুৱাবাহী অঞ্চলৰ অংগনৱাড়ী কৰ্মী-সহায়ীকা সকল।

Also Read: চাৰি গৰাকীকৈ মহিলা প্ৰাৰ্থীৰে নিৰ্বাচনৰ দিশে নাগালেণ্ড

ATUL BORA