এনাজৰী অসম ভিত্তিত অনুষ্ঠিত কৰা কবিতা, চিত্ৰাংকন প্ৰতিযোগীতাৰ সৱিশেষ ফলাফল

এনাজৰী অসম ভিত্তিত অনুষ্ঠিত কৰা কবিতা, চিত্ৰাংকন প্ৰতিযোগীতাৰ সৱিশেষ ফলাফল

author-image
asomiyapratidin
New Update
এনাজৰী অসম ভিত্তিত অনুষ্ঠিত কৰা কবিতা, চিত্ৰাংকন প্ৰতিযোগীতাৰ সৱিশেষ ফলাফল

ডিজিটেল ডেস্ক: ২০২২ চনৰ এনাজৰী অসম ভিত্তিত চিত্ৰাংকন আৰু কবিতা প্ৰতিযোগীতাৰ ফলাফলৰ বাবে সমাৰোহ অনুষ্ঠান দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।  সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক সন্মান জনোৱাৰ লগতে এনাজৰীয়ে আয়োজন কৰা কবিতা আৰু চিত্ৰাংকন প্ৰতিযোগীতাৰ বিজয়ী প্ৰতিযোগী সকলৰ মাজতো বঁটা বিতৰণ কৰা হয়।

Advertisment

সদৌ অসম ভিত্তিত আয়োজন কৰা এনাজৰী কবিতা প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিছিল ১৮৭৯ গৰাকী প্ৰতিযোগীয়ে। স্ব-ৰচিত কবিতা প্ৰতিযোগীতাত প্ৰথন স্থান লাভ কৰে নগাঁওৰ প্ৰতিভা ভাগৱতী শৰ্মাই। জিৰণী শীৰ্ষক কবিতাৰ বাবে তেওঁ প্ৰথম স্থান লাভ কৰে।

ভগৱান হোৱাৰ যুদ্ধৰ কবিতাৰ বাবে গুৱাহাটীৰ ভাস্কৰজ্যোতি পাঠকে লাভ কৰে দ্বিতীয় পুৰস্কাৰ, আইনাৰ প্ৰেমত সেউজীয়া কবিতাৰ বাবে তেজপুৰৰ গায়ত্ৰী দেৱী বৰঠাকুৰে তৃতীয়, গামোচাৰ মালিতা কবিতাৰ বাবে লখিপুৰৰ বিকাশ দিহিঙে চতুৰ্থ আৰু মাজুলীৰ নৰেন্দ্ৰ শইকীয়া পঞ্চম স্থান লাভ কৰে নদীৰ গান শীৰ্ষক কবিতাৰ বাবে।

ইয়াৰ উপৰিও বিচাৰকৰ দুটা বিশেষ পুৰস্কাৰ লাভ কৰে ক্ৰমে- মোৰ আচলত তোমাৰ সুবাস কবিতাৰ বাবে তেজপুৰৰ ভাস্বতী বৰা বৰুৱাই আৰু তুমি আকৌ আহিবা নেকি কবিতাৰ বাবে অপূৰ্ব জোনাক শইকীয়াই।

এনাজৰীয়ে আয়োজন কৰা অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগীতাত মুঠ ৩৮২৩ গৰাকী প্ৰতিযোগীয়ে অংশ লয়।  ইয়াৰে ১৫৪ খন ছবি প্ৰেৰণ কৰা প্ৰতিযোগীয়ে নাম আৰু ফোন নম্বৰ সংলগ্ন নকৰাত এই কেইখন প্ৰতিযোগীতাৰ বাবে বিবেচিত নহয়।

 বাকী থকা প্ৰতিযোগী সকলৰ মাজৰ পৰা প্ৰথম স্থান ঢকুৱাখনা কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী এনিশা দত্তই, বৰপেটা অসম কিশোৰী জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ হৃদিপ দাসে দ্বিতীয় স্থান, তেজপুৰৰ ডনবস্ক হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ পোহৰ প্ৰগলভ বৰুৱাই তৃতীয় স্থান, গহপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী সদুক্ষিণা বৰাই চতুৰ্থ, তেজপুৰ ডনবস্কৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ বাস্তৱ মৰাণ আৰু বাইহাটা দিল্লী পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী পূজা পাবনা শৰ্মাই পঞ্চম স্থান, ছয়গাঁও মহেশ্বতা বিদ্যা মন্দিৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ দিব্যজ্যোতি কলিতাই ষষ্ঠ স্থান, গোলাঘাটৰ মহাত্মা বাল্য ভৱনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মেঘৰাগিনী বৰাই সপ্তম স্থান, বামুনী গাঁও জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী অনিষা গুৰুয়ে অষ্টম স্থান, বিশ্বনাথ চাৰিআলি জ্ঞান ভাৰতীৰ ছাত্ৰ খঞ্জন হাজৰিকা আৰু নলবাৰীৰ শংকৰদেৱ বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰী প্ৰতীক্ষা তালুকদাৰে দশম স্থান লাভ কৰে।

ইয়াৰোপৰি গুৱাহাটী চেইন্ট মেৰিজৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী সুকন্যা সোনোৱাল, কাহিলীপাৰা মেমন একাডেমীৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী অংকিতা ভাগৱতী, অসম জাতীয় বিদ্যালয়, গুৱাহাটীৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী তানিষা শৰ্মা, কেন্দ্ৰীয় বিদ্যালয়, গোৱালপাৰৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী নিৰ্দশনা, মৰিগাঁও চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেচনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ হৰ্ষজ্যোতি নাথ আৰু গোৱালপাৰা মাদাৰ মেৰী স্কুলৰ পঞ্চমশ্ৰেণীৰ ছাত্ৰী জাহ্নৱী দাসে বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰে।

আৰু পঢ়ক: জাগীৰোডবাসীৰ অন্যায় হ'ব পৰা কোনো কাম আমি নকৰো ,কৰিবলৈও নিদিও: মন্ত্ৰী হাজৰীকা

assam award