চতিয়াৰ এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সচেতন ৰাইজৰ

চতিয়াৰ এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সচেতন ৰাইজৰ

author-image
Asomiya Pratidin
New Update
চতিয়াৰ এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সচেতন ৰাইজৰ

ডিজিটেল সংবাদ, জামুগুৰিহাট: প্ৰায়েই দেখা যায় যে, অসমৰ একাংশ চৰকাৰী খণ্ডৰ বিদ্যালয়ত আন্ত:গাঁঠনিৰ অভাৱত পয়ালগা অৱস্থা। এনে সময়তে চতিয়াৰ উত্তৰ অঞ্চলৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক এক ব্যতিক্ৰমী চৰকাৰী বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে বিদ্যালয়খনৰ অধ্যক্ষ,শিক্ষক কৰ্মচাৰী আৰু পৰিচালনা সমিতিয়ে।

Advertisment

এই বিদ্যালয়খনৰ যেনিয়েই লক্ষ্য কৰে তেনিয়েই দৃষ্টিনন্দন পৰিবেশ ৷ প্ৰতিদিনেই ফলে- ফুলে জাতিষ্কাৰ হৈ থাকে বিদ্যালয়খনৰ চৌপাশ। বিদ্যালয়খনৰ যে আন্তঃগাথঁনিয়েই উন্নত তেনে নহয়, শৈক্ষিক দিশটোও অতি উন্নত।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিগত কেইবাটাও বৰ্ষত উন্নত ফলাফল প্ৰদৰ্শন কৰি আহিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে। মূলতঃ চাহ জনজাতিৰে পৰিপূৰ্ণ দলংগুৰি অঞ্চলটোৰ বাসিন্দা আৰ্থিক ভাৱেও টনকিয়াল নহয়।

বিদ্যালয়খনৰ বেৰসমূহত অংকন কৰা হৈছে দেশ আৰু ৰাজ্যৰ স্বনামধন্য ব্যক্তিৰ ফটো ৷ এইকাম বিদ্যালয়খনৰ সহকাৰী শিক্ষক মৃদুল বৰুৱাই নিজে অংকন কৰিছে।

বিদ্যালয়খনত আছে নিজাববীয়াকৈ প্ৰতিষ্ঠা কৰা সংগ্ৰাহলয়। য'ত সংগ্ৰহীত হৈ আছে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পাৰ, বিভিন্ন দেশৰ মুদ্ৰাকে আদি কৰি বিভিন্ন সম্পদ আৰু আছে ফটো গেলাৰী।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত গঠন কৰা হৈছে মেডিকেল ফাণ্ড ৷ জানিব পৰা মতে, এই ফাণ্ডৰ পৰা বৰ্তমানলৈকে ২লাখ ৮০ হেজাৰ টকা ছাত্ৰ-ছাত্ৰীক অনুদান দিয়া হৈছে।

পুথিভঁৰালটোত একেলগে ছাত্ৰ ছাত্ৰীয়ে বহি পহাশুনা কৰিব পৰা সুবিধাৰ লগতে আছে ডিজিটেল শ্ৰেণীকোঠা। বিদ্যালয়খনৰ অধ্যক্ষৰ কোঠা, কাৰ্যালয়ৰ কোঠা, শিক্ষকৰ জিৰণি কোঠাৰ পৰিবেশ অতি সুন্দৰ।

এই কোঠাসমূহৰ আচবাব নিৰ্মাণ বিদ্যালয়ৰ শিক্ষকে নিজ হাতেৰে কৰিছে ৷ নাই কোনো মিস্ত্ৰীৰ ব্যৱস্থা। বিদ্যালয়খনৰ অধ্যক্ষ নিৰঞ্জন শ‍ইকীয়াই সকলো সময়তে তীক্ষ্ণ নজৰ ৰাখে।

দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰিৱেশে ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰে যদিও শিক্ষক আৰু অতিৰিক্ত শ্ৰেণী কোঠাৰ অভাৱৰ বাবে নৱম আৰু একাদশ শ্ৰেণীত বহু ছাত্ৰ ছাত্ৰীক নাম ভৰ্তি কৰিবলৈ সুযোগ দিব নোৱাৰে।

উল্লেখ্যে যে, যি সময়ত চৰকাৰে বিদ্যাঞ্জলিৰ দৰে কাৰ্যসূচী শুভাৰম্ভ কৰি শুভাকাংক্ষী, প্ৰাক্তন ছাত্ৰ- ছাত্ৰীক নিজ বিদ্যালয়ত দান বৰঙণি আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে, তাৰ বহু দিন আগৰে পৰা বিদ্যালয়খনৰ অধ্যক্ষ শ‍ইকীয়াই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পৰা সহযোগিতা আদাই কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে, অধ্যক্ষ আৰু শিক্ষকসকলৰ প্ৰচেষ্টাত বিভিন্ন বেচৰকাৰী সংগঠনৰ দ্বাৰা বিদ্যালয়খনত পাঠদানৰ ব্যৱস্থা কৰিছে ৷ বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীক দিয়া হয় বৃত্তিমুখী শিক্ষা।

অৱশ্যে এনে এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ক চৰকাৰে যি ধৰণৰে সহযোগিতা কৰিব লাগিছিল চৰকাৰে কিন্তু কৰা নাই ৷ এইলৈ বিদ্যালয় কৰ্তৃপক্ষই আক্ষেপো প্ৰকাশ কৰা নাই । ৰাইজৰ সহযোগত বিদ্যালয়খন আৰু আগুৱাই নিয়াৰ পৰিকল্পনা হাতত লৈছে বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষকসকলে।

Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা হ'ব ৰাণী দুৰ্গাৱতীৰ জন্মজয়ন্তী : প্ৰধানমন্ত্ৰী

school jamugurihat