ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা হ'ব ৰাণী দুৰ্গাৱতীৰ জন্মজয়ন্তী : প্ৰধানমন্ত্ৰী

ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা হ'ব ৰাণী দুৰ্গাৱতীৰ জন্মজয়ন্তী : প্ৰধানমন্ত্ৰী

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা হ'ব ৰাণী দুৰ্গাৱতীৰ জন্মজয়ন্তী : প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্ক: সমগ্ৰ ভাৰতবৰ্ষৰ মাজৰ এটা বৃহত্তৰ অঞ্চলৰ নাম আছিল গণ্ডোৱানা। বৰ্তমানৰ মধ্যপ্ৰদেশ,উৰিষ্যা,ছত্তিশগড়ৰ কিছু কিছু অংশৰে এক বিস্তৃত এলেকা।

Advertisment

এই ৰাজ্যখনৰ ষোড়শ শতিকাত শাসন কাৰ্য চলাইছিল ৰাণী দুৰ্গাৱতীয়ে। ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল ১৫২৪ খ্ৰীষ্টাব্দৰ ৫ অক্টোবৰত। ১৫৪২ চনত তেওঁ গড় ৰাজ্যৰ ৰজা সংগ্ৰাম শ্বাহৰ পুত্ৰ দলপত শ্বাহৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

এই মহীয়সী নাৰীগৰাকীয়ে মাত্ৰ ৩৯ বছৰ বয়সতে ১৫৬৪ খ্ৰীষ্টাব্দৰ ২৪ জুনত মৃত্যুবৰণ কৰে। হিন্দু সম্প্ৰদায়ৰ ৰাণী দুৰ্গাৱতীৰ ৫০০ সংখ্যক জন্মজয়ন্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰাৰ বাবে গ্ৰহণ কৰিছে এক পদক্ষেপ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে মধ্যপ্ৰদেশ ভ্ৰমণৰ সময়ছোৱাত এখন সভাত ৰাণী দুৰ্গাৱতীৰ জন্মজয়ন্তী উদযাপন কৰাৰ কথা উল্লেখ কৰে। গণ্ডোৱানাৰ ৰাণী দুৰ্গাৱতী আছিল সাহসী,পৰাক্ৰমী আৰু নিৰ্ভীক যোদ্ধা। এইগৰাকী মহান যোদ্ধাৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে পালন কৰা হ'ব তেওঁৰ জন্মজয়ন্তী।

Also Read: ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত গ্ৰীষ্মকালীন অভিনয় কৰ্মশালা

narendra modi