চকলাঘাটত এপাৰ্টৰ অধীনত কৃষকক পদ্ধতিগত প্ৰশিক্ষণ প্ৰদান

খেতি-পথাৰত খুব কম সময়ৰ ভিতৰত কম খৰছতে কিদৰে উৎপাদন অধিক বৃদ্ধি কৰিব পাৰি সেই

author-image
Asomiya Pratidin
New Update
চকলাঘাটত এপাৰ্টৰ অধীনত কৃষকক পদ্ধতিগত প্ৰশিক্ষণ প্ৰদান

ডিজিটেল সংবাদ,বেবেজীয়াঃ খেতি-পথাৰত খুব কম সময়ৰ ভিতৰত কম খৰছতে কিদৰে উৎপাদন অধিক বৃদ্ধি কৰিব পাৰি সেই সন্দৰ্ভত নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটত কৃষকসকলৰ মাজত এক পদ্ধতিগত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় ৷ জিলা কৃষি বিভাগৰ উদ্যোগত তথা আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠা চমুকৈ আই আৰ আৰ আইৰ সহযোগত এপাৰ্ট আঁচনিৰ অধীনত দুদিনীয়াকৈ এই প্ৰশিক্ষণ শিবিৰ চকলাঘাট ৰাস মন্দিৰ প্ৰাংগণত সফলতাৰে সম্পন্ন কৰা হয় ৷

Advertisment

এই প্ৰশিক্ষণ শিবিৰত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ড° নিৰঞ্জন ডেকা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, অসমৰ ৰাজ্যিক পৰামৰ্শদাতা ড° অৰুনিমা দেৱ চৌধুৰী, নগাঁও মহকুমা কৃষি বিষয়া তথা এপাৰ্টৰ নডেল বিষয়া ভদ্ৰ কুমাৰ বৰা, জিলা সহকাৰী আয়ুক্ত দিমান হাজৰিকা, আই আৰ আৰ আইৰ বিজ্ঞানী ড° বিপিন কুমাৰ, জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈ, দলংঘাট খণ্ড প্ৰযুক্তি বিষয়া অৰূপ কুমাৰ নাথ, এপাৰ্টৰ কাৰিকৰী গৱেষক অজিত বৰাকে ধৰি কৃষি বিভাগত কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

অৰ্ধ শতাধিক কৃষকে ভাগ লোৱা এই প্ৰশিক্ষণ শিবিৰত প্ৰজেক্টৰৰ জৰিয়তে কৃষকসকলক উন্নত প্ৰযুক্তিৰে মেছিনৰ দ্বাৰা কিদৰে কৃষিকৰ্ম সম্পাদন কৰিব পাৰি সেই বিষয়ে বিস্তৃতভাবে বুজাই দিয়া হয় ৷ প্ৰশিক্ষণ প্ৰদানৰ পিছতে কৃষকসকলক চকলাঘাটৰ হাঁহচৰা পথাৰত আদৰ্শ কৃষক দীপ বৰাৰ তৎত্বাৱধানত বিছ বিঘা মাটিত কৃষি বিভাগৰ সহযোগত আধুনিক পদ্ধতিৰে সম্পাদন কৰিবলৈ লোৱা ধানখেতিত প্ৰয়োগ কৰা মেছিনৰ ব্যৱহাৰৰ দিশসমূহ পৰিদৰ্শন কৰোৱা হয় ৷

আৰু পঢ়কঃ অসম আন্দোলনৰ নেতা অঞ্জন ফুকনৰ মৃত্যু

assam agriculture
News Hub