'অমৃত সৰোবৰ'ৰ এটা জলাশয়ে বিপদ আনিব নেকি বোকাখাতৰ কুৰুৱাবাহীলৈ ?

'অমৃত সৰোবৰ'ৰ এটা জলাশয়ে বিপদ আনিব নেকি বোকাখাতৰ কুৰুৱাবাহীলৈ ?

ডিজিটেল সংবাদ, বোকাখাত : কেন্দ্ৰীয় চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ দ্বাৰা গোলাঘাট জিলাৰ বোকাখাত বিধান সভা সমষ্টিৰ বিহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মেৰবিল নামৰ বিল খনৰ দক্ষিণ অংশত ১১.৯৬ লাখ টকা ব্যয় সাপেক্ষে ১ একৰ ভূমি সামৰি খান্দি থকা এক বৃহৎ জলাশয়ে বৃহত্তৰ কুৰুৱাবাহী ৰাইজলৈ ভয়ংকৰ বিপদ কঢ়িয়াই অনাৰ আশংকা কৰা হৈছে।

কিয়নো উক্ত অমৃত সৰোবৰৰ বৃহৎ জলাশয়টোৰ খনন ইতিমধ্যে য'ত আৰম্ভ কৰা হৈছে তাৰ পৰা ধনশিৰি নদীয়ে ভয়ংকৰ খহনীয়া অব্যাহত ৰখা ঠাইলৈ মাত্ৰ ৩০০ মিটাৰহে বাকী থকাত ভৱিষ্যতে বৃহৎ জলাশয়টোও নদীখনৰ খহনীয়াৰ গ্ৰাসত পৰাৰ আশংকা কৰিছে স্থানীয় গাঁওবাসীয়ে। যাৰ বাবে নদীখনৰ জলশ্ৰোত অমৃত সৰোবৰৰ জলাশয় হৈ মেৰবিলেদে সোমাই আহি বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ৫০ খনৰ অধিক গাঁৱৰ প্ৰতি ভয়ংকৰ বিপদৰ সূচনা কৰাৰ লগতে ঐতিহাসিক কুৰুৱাবাহী সত্ৰলৈও ভাবুকি কঢ়িয়াই আনিব বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় গাঁওবাসীয়ে।

ইফালে ধনশিৰি নদীৰ খহনীয়া ৰোধৰ বাবে উক্ত ঠাইত পূৰ্বতে এক জিঅ' বেগ আঁচনিৰ ৰূপায়ণ কৰা হৈছিল যদিও অধিক অংশৰ জিঅ' বেগ নদীখনে ইতিমধ্যে উটুৱাই লৈ যোৱাত অমৃত সৰোবৰৰ খনন কাৰ্য অব্যাহত থকা বৃহৎ জলাশয়টো অধিক স্পৰ্শকাতৰ হৈ পৰিব বুলি বিবেচনা কৰি শীঘ্ৰেই ইয়াৰ খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই মহকুমাধিপতিলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থা, কুৰুৱাবাহী সত্ৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে।

উল্লেখযোগ্য বৰ্তমান জলাশয়টোৰ খনন কাৰ্য অব্যাহত ৰখা ঠাইতে পূৰ্বতে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন ২০১৯-২০ বৰ্ষৰ অধীনত বিহৰা গাঁও পঞ্চায়তৰ যোগেদি ৩,৭২,৯৯৭ হাজাৰ টকা ব্যয় সাপেক্ষে এটা পুখুৰী খন্দা হৈছিল যদিও উক্ত ঠাইত তেনে কোনো পুখুৰীৰ অস্তিত্বই নথকাত আশ্চৰ্য প্ৰকাশ কৰিছে নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাই। তাৰোপৰি এখন আঁচনি কাৰ্যকৰি হৈ যোৱা ঠাইতে ১১ লাখ ৯৬ হাজাৰ টকাৰ অমৃত সৰোবৰ আঁচনীৰ অনুমোদন জনাই বিভাগীয় কৰ্তৃপক্ষই পুনৰ ৰাজহুৱা ধন আত্মসাৎ কৰাৰ ব্যৱস্থাহে কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ সংগঠনটো আৰু স্থানীয় ৰাইজে।

ইফালে কেন্দ্ৰীয় চৰকাৰৰ অমৃত সৰোবৰ আঁচনিখনত কোৱাৰ দৰে গ্ৰীষ্মকালী হোৱা পানীৰ সমস্যা দূৰ কৰি কৃষি কাৰ্যক উপকৃত কৰা আৰু মীন পালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পেলোৱাৰ লক্ষ্য আগত ৰাখি যদিও অমৃত সৰোবৰ জলাশয়টো খনন কৰাৰ ব্যৱস্থা কৰা হৈছে তাৰ বিপৰিতে উক্ত ঠাইত থকা অন্যান্য পানীৰ উৎস সমূহ পুণৰ জীৱিত কৰি মীন পালনৰ ব্যৱস্থা কৰা আৰু কুৰুৱাবাহীৰ অন্যান্য পৰ্যটনৰ সম্ভাৱনা থকা ক্ষেত্ৰ সমূহৰ উন্নতি সাধন কৰিলেহে কুৰুৱাবাহীৰ গ্ৰাম্য অৰ্থনীতি অধিক প্ৰভাৱিত হ'লহেতেন বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।

'অমৃত সৰোবৰ'ৰ এটা জলাশয়ে বিপদ আনিব নেকি বোকাখাতৰ কুৰুৱাবাহীলৈ ?
তুৰস্কৰ ভূমিকম্পৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ'ল সাংবাদিক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in