তুৰস্কৰ ভূমিকম্পৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ'ল সাংবাদিক...

তুৰস্কৰ ভূমিকম্পৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ'ল সাংবাদিক...

ডিজিটেল ডেস্ক : সুবিধাবাদীৰ ৰাজনীতিৰ পৰা যেন হাত সাৰি যোৱা সম্ভৱ নহয় বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলো । তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পই নিমিষতে শেষ কৰি পেলালে সহস্ৰাধিক লোকৰ জীৱন । গৃহহীন হ'ল লক্ষাধিক লোক । তাৰ পাছতো যেন শেষ নহ'ল ৰাজনীতি ।

সন্মুখত তুৰস্কৰ নিৰ্বাচন । অতি শীঘ্ৰেই ক্ষমতা হেৰুৱাৰ দিশে বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকী । তুৰস্কৰ ভূমিকম্পই লজ্জাজনক ভাৱে প্ৰকাশ কৰিলে বিগত সময়ছোৱাৰ অসফলতা । তেনেস্থলত নিৰ্বাচনত জয়ী হ'বলৈ হ'লে ক্ষান্ত কৰাব লাগিব ভূমিকম্পৰ বাতৰি সংগ্ৰহ কৰি থকা সাংবাদিকসকলক । যাতে অন্য প্ৰান্তৰ লোকে জানিব নোৱাৰে কি হৈছে তুৰস্কত ।

তুৰস্কৰেই সাংবাদিক মিৰ আলি কোচাৰ ভূমিকম্পৰ দিনা আছিল ঘটনাস্থলীৰ পৰা ২০০ মাইল আতৰত । ভুমিকম্পৰ বাতৰি লাভ কৰাৰ লগে লগেই কেমেৰা আৰু মাইক এটাৰ সৈতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল সাংবাদিক গৰাকী । আৰম্ভ কৰিলে ক্ষতিগ্ৰস্ত লোকসকলৰ সাক্ষাৎকাৰ ল'বলৈ আৰু প্ৰকাশ কৰিলে নিজা টুইটাৰ একাউন্টত । কিন্তু তাতেই কেৰোণ লাগিল । সকলো সাক্ষাৎকাৰ ৰেক'ৰ্ড কৰি আনি একেবাৰতে প্ৰকাশ কৰিলে হয়তো তুৰস্ক প্ৰশাসনৰ ক্ষোভৰ বলি হোৱাৰ পূৰ্বেই দেশত্যাগ কৰিব পাৰিলে হয় মিৰ আলিয়ে । কিন্তু বৰ্তমান আৰক্ষীৰ আওতাত সাংবাদিক গৰাকী । তদন্ত অব্যাহত । গোচৰ "ভুৱা বাতৰি" বিয়পোৱাৰ বিৰুদ্ধে । কেৱল মিৰ আলিয়েই নহয় বৰং আন বহু কেইজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে তুৰস্কত ।

অৱশ্যে কোচাৰৰ দোষ কেৱল ভূমিকম্পৰ বাতৰিয়েই নহয় । বৰং চৰকাৰৰ ভুল সমূহৰ বিৰুদ্ধে সততে মাত মাতি অহা বাতৰি কাকত সমূহতো বাতৰি যোগান ধৰিছিল কোচাৰে । হয়তো সেই সময়ৰ পৰাই চৰকাৰৰ নিৰীক্ষণত আছিল সাংবাদিক গৰাকী ।

তুৰস্কলৈ সহায়ৰ হাত আগবঢ়োৱা স্বেচ্ছাসেৱী সংগঠন আৰু বিদেশী ৰাষ্ট্ৰসমূহলৈ ধন্যবাদ জ্ঞাপন কৰে কোচাৰে । একে সময়তেই প্ৰকাশ কৰে কেইবাদিনো সাহায্য লাভ নকৰা বহু কেইজন ক্ষতিগ্ৰস্ত লোকৰ সাক্ষাৎকাৰ ।

উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত তুৰস্কত গ্ৰহণ কৰা হৈছিল এক নতুন আইন । যি আইনৰ জৰিয়তে চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰে সংবাদ প্ৰতিষ্ঠানসমূহক । এই আইনৰ অধীনতেই এতিয়া কাৰাবন্দী মিৰ আলি কোচাৰ...

তুৰস্কৰ ভূমিকম্পৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ'ল সাংবাদিক...
সোনাৰী চাপৰি পঞ্চায়তত ধনৱন্তক দৰিদ্ৰ সজাইছে কোনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in