অমৃত নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি বঁটা প্ৰদান অনুষ্ঠানত সভপতিত্ব কনকসেন ডেকাৰ

দেওবাৰে অগ্ৰদূত ভৱনৰ সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদযাপন কৰা হ’ল ৱেব পৰ্টেল অমৃত নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি ৷

author-image
Asomiya Pratidin
New Update
অমৃত নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি  বঁটা প্ৰদান অনুষ্ঠানত সভপতিত্ব কনকসেন ডেকাৰ

ডিজিটেল ডেস্ক: দেওবাৰে অগ্ৰদূত ভৱনৰ সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদযাপন কৰা হ’ল ৱেব পৰ্টেল অমৃত নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি ৷ এই বঁটা প্ৰদান অনুষ্ঠানত সভাপতি হিচপে উপস্থিত থাকে অসমৰ সংবাদ জগতৰ মহীৰূহ ,অগ্ৰদূত কাকত গোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাংবাদিক কনকসেন ডেকাই৷

Advertisment

অমৃত নিউজৰ মুখ্য সম্পাদক,শিক্ষাবিদ ড° দয়ানন্দ পাঠকে অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন আয়ুক্ত দেৱজ্যোতি হাজৰিকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷

অসমীয়া সাপ্তাহিক কাকত অমৃত প্ৰবাহৰ ডিজিটেল সংস্কৰণ অমৃত নিউজৰ উদ্যোগত অসমৰ এগৰাকী উদ্যোগী মহিলা তথা সমাজকৰ্মী ৰিণিকি ভূঞা শৰ্মাক নিৰ্বাচিত কৰা হৈছিল "অমৃত নিউজ ৰাজ্যিক বঁটা"ৰ বাবে ৷ ৰিণিকি ভূঞা শৰ্মাৰ অনুপস্থিতিত আজি এই বঁটা গ্ৰহণ কৰে কিংশুক তামূলীয়ে৷

সেইদৰে "অমৃত নিউজ জনসেৱা" বঁটা প্ৰাপক নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনৰ হৈ বঁটাটি গ্ৰহণ কৰে নুমলীগড় ৰিফাইনেৰীৰ বিষয়া মধুছন্দা অধিকাৰী আৰু সংগম পঞ্চাননে ৷

সেইদৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অৰবিন্দ কলিতালৈ আগবঢ়োৱা অমৃত নিউজ সমাজসেৱা বঁটাটি নিজহাতে গ্ৰহণ কৰি অৰবিন্দ কলিতাই এক সাৰুৱা বক্তব্য প্ৰদান কৰি সকলোকে আপ্লুত কৰি তোলে৷

কনকসেন ডেকা,দয়ানন্দ পাঠক ,দেৱজ্যোতি হাজৰিকা আৰু হীৰেন চন্দ্ৰ কলিতাই বঁটা প্ৰাপকসকলক প্ৰদান কৰা তিনিওটি বঁটাত আছে এখন ফুলাম গামোচা,এটি বৰ জাপি,এটি স্মাৰক আৰু মানপত্ৰ৷

অমৃত নিউজৰ পৰিচালন সম্পাদক হীৰেন চন্দ্ৰ কলিতাৰ তত্ত্বাৱধানত আয়োজিত আৰু সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত দ্য নিউজ প্লাছৰ কাৰ্যবাহী সম্পাদক চন্দ্ৰ শইকীয়া,সমাজকৰ্মী ৰাজকুমাৰ আগৰৱালা,মৰিগাঁৱৰ কৃষক বন্ধু সোণাৰাম বনিয়া,সাংবাদিক ৰসধৰ শৰ্মা ,অমৰ কাশ্যপ,সাংবাদিক ইন্দ্ৰেশ্বৰ হাজৰিকা,হিমাংশু কলিতা,ধন্‌টি কাকতি,দ্বীপজ্যোতি নাথ ,জ্যোতি মালাকাৰ কাকতি আদি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

আৰু পঢ়ক: মধ্যবিত্তক লগত লৈ নতুন ইতিহাস সৃষ্টিৰ দিশে ২০২৪...

guwahati