অমৃত নাৰায়ণ পাটগিৰিৰ কোচ-ৰাজবংশী ভাষাৰ গল্প সংকলন 'কাশীয়া ফুলেৰ ঢেউ' উন্মোচন...

মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বাসুগাঁও শাখা সাহিত্য সভা ভৱনত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা গল্পকাৰ অমৃত নাৰায়ণ পাটগিৰিৰ ৰচিত প্ৰথমখন কোচ ৰাজবংশী ভাষাৰ গল্প সংকলন 'কাশীয়া ফুলেৰ ঢেউ' নামৰ পুথি উন্মোচন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
অমৃত নাৰায়ণ পাটগিৰিৰ কোচ-ৰাজবংশী ভাষাৰ গল্প সংকলন 'কাশীয়া ফুলেৰ ঢেউ' উন্মোচন...

ডিজিটেল সংবাদ, চিৰাং : মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বাসুগাঁও শাখা সাহিত্য সভা ভৱনত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা গল্পকাৰ অমৃত নাৰায়ণ পাটগিৰিৰ ৰচিত প্ৰথমখন কোচ ৰাজবংশী ভাষাৰ গল্প সংকলন 'কাশীয়া ফুলেৰ ঢেউ' নামৰ পুথি উন্মোচন কৰা হয় । বিশিষ্ট শিক্ষাবিদ প্ৰমোদ শৰ্মা দেৱৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক,গল্পকাৰ অমৃত নাৰায়ণ পাটগিৰিয়ে প্ৰথমবাৰৰ বাবে লিখি উলিওৱা কোচ ৰাজবংশী ভাষাত ২৫ টাকৈ চুটি গল্পৰ সংকলন 'কাশীয়া ফুলেৰ ঢেউ' পুথিখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ ৰায়ে ।

Advertisment

পুথি উন্মোচনী সভাত কোচ ৰাজবংশী ভাষাৰ সাহিত্য চৰ্চাৰ ওপৰত বক্তব্য আগবঢ়ায় শিক্ষাবিদ,লিখক হিতৰাম ভৰালী, জিলা সাহিত্য সভাৰ সম্পাদক উপেন ৰায়, হাজী খাদেমুল ইছলাম, পবিত্ৰ ৰায়, যুৱ সাহিত্যিক জিতজ্যোতি পাটগিৰি আৰু সাংবাদিক জয়ন্ত দেবনাথে। বৰ্তমান সময়চোৱাত অন্যান্য ভাষাৰ তুলনাত নামনি অসমত প্ৰচলিত কোচ ৰাজবংশী ভাষাৰ সাহিত্য চৰ্চা বহুত কম, তেনেসময়ত অমৃত নাৰায়ণ পাটগিৰিৰ এই কোচ ৰাজবংশী ভাষাৰ 'কাশীয়া ফুলেৰ ঢেউ' নামৰ পুথিখনে কোচ ৰাজবংশী ভাষাৰ সাহিত্য ভড়াঁলক অধিক টনকিয়াল কৰিব আৰু আগলৈ তেখেতে যাতে এই যাত্ৰা অব্যাহত ৰাখে তাৰ বাবে লেখক অমৃত নাৰায়ণ পাটগিৰিলৈ আহ্বান জনায় আজিৰ পুথিৰ উন্মোচক বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ ৰায়ে ।

দীৰ্ঘদিনৰ পৰা অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা লগতে অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সদস্য অমৃত নাৰায়ণ পাটগিৰিয়ে ইয়াৰ পূৰ্বে চুটি গল্পৰ সংকলন আতংক, সামাজিক উপন্যাস আন্ধাৰৰ শেষত, বড়ো সাহিত্য সভাৰ ৰেঙনি জন্মক্ষণৰ পৰা সোণালীক্ষণলৈ, ৰহস্য ধৰ্মী শিশু সাহিত্য অশৰীৰি জগতত মেঘদূত,বড়ো সাহিত্য সভাৰ ইতিবৃত্ত, প্ৰবন্ধ ৰেণু, কবিতা অৰ্ঘ- কবিতা সংকলন আৰু চমু আত্মজীৱনী মুঠ আঠখনকৈ গ্ৰন্থ,পুথি প্ৰকাশ কৰিছে । মঙ্গলবাৰ সন্ধিয়াৰ এই পুথি উন্মোচনী অনুষ্ঠানত বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক অমৃত নাৰায়ণ পাটগিৰিক এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰে ।

আৰু পঢ়ক : অসম-মেঘালয় সংঘাতঃ এই পৰ্যন্ত কোনে কি কৰিলে, চাওক সবিশেষ...

assam chirang