চতিয়াত কেন্দ্ৰীয়ভাৱে অমৃত কলহ কাৰ্যসূচী ৰূপায়ণ

চতিয়াত কেন্দ্ৰীয়ভাৱে অমৃত কলহ কাৰ্যসূচী ৰূপায়ণ

author-image
Asomiya Pratidin
New Update
চতিয়াত কেন্দ্ৰীয়ভাৱে অমৃত কলহ কাৰ্যসূচী ৰূপায়ণ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সমগ্ৰ ৰাজ্যজুৰি “মোৰ মাটি মোৰ দেশ” কাৰ্য্যসূচীৰ অধীনত অমৃত কলহৰ জৰিয়তে চলিছে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান৷ ইয়াৰ সমান্তৰালভাৱে দেওবাৰে চতিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উদযাপন কৰা হয় অমৃত কলহৰ কাৰ্যসূচী৷

Advertisment

চতিয়া আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ১০টাকৈ গাঁও পঞ্চায়তৰ প্ৰত্যেক পঞ্চায়তৰ পৰা সমদল কৰি চতিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ অনা হয় পৱিত্ৰ ভূমি ভৰ্তি 'অমৃত কলহ’ সমূহ ৷ ইয়াৰ পিছত এই কলহৰ মাটি সমূহ এক কৰি ২টা কলহত পৱিত্ৰ ভূমি ভৰাই জিলালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয় ৷

দেওবাৰৰ এই অনুষ্ঠানত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নিজ হাতৰে পঞ্চায়ত সমূহৰ পৰা অনা কলহসমূহ গ্ৰহণ কৰাৰ লগতে জিলালৈ প্ৰেৰণ কৰিবলগীয়া 'অমৃত কলহ’ত মাটি ভৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

Also Read: মিজোৰামত ১২.১২ কোটিৰ মেথামফেটামাইন টেবলেট জব্দ

amrit kalah yatra