মিজোৰামত ১২.১২ কোটিৰ মেথামফেটামাইন টেবলেট জব্দ

মিজোৰামত ১২.১২ কোটিৰ মেথামফেটামাইন টেবলেট জব্দ

author-image
Asomiya Pratidin
New Update
মিজোৰামত ১২.১২ কোটিৰ মেথামফেটামাইন টেবলেট জব্দ

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ নিচাজাতীয় মেথামফেটামাইন টেবলেটসহ কৰিমগঞ্জৰ ২জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। অসম ৰাইফলছ আৰু আবকাৰী-নাৰ্কোটিকছ বিভাগে চাম্পাই জিলাৰ জোটে এলেকাত অভিযান চলাই জব্দ কৰিছে ৪০,৪০০ টা মেথামফেটামাইন টেবলেট।

Advertisment

জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ১২.১২ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। সৰবৰাহকাৰী ২জনৰ পৰা নগদ ১ লাখ টকাও জব্দ কৰা হয়। টেবলেটখিনি ম্যানমাৰৰ মিজোৰাম হৈ কৰিমগঞ্জলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয়। টেবলেট সৰবৰাহৰ অভিযোগত অসম ৰাইফলছে কৰিমগঞ্জৰ ২জন সৰবৰাহকাৰীক আটক কৰিছে। ধৃত যুৱক ২জন আলতাব উদ্দিন আৰু এনাম উদ্দিন বুলি জানিব পৰা গৈছে।

Also Read: খেলি থকা অৱস্থাতেই পুখুৰীত পৰি সলিল সমাধি ১০ বছৰীয়া শিশুৰ

drugs seized