চতিয়াত 'অমৃত কলহ যাত্ৰা'

চতিয়াত 'অমৃত কলহ যাত্ৰা'

author-image
Asomiya Pratidin
New Update
চতিয়াত 'অমৃত কলহ যাত্ৰা'

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে বীৰ শ্বহীদ সকলৰ স্মৃতিসৌধ নিৰ্মাণত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী লোকৰ অংশগ্ৰহণ ও দেশৰ সকলো শ্ৰেনীৰ লোকক একত্ৰিত কৰাৰ উদ্দেশ্যে প্ৰতিটো পৰিয়ালৰ পৰা চলিছে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান৷

Advertisment

এই উপলক্ষে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত সমষ্টিটোৰ প্ৰতিটো গাঁওপঞ্চায়ত আৰু পৌৰ সভাৰ লগতে উত্তৰ ছিলাবন্ধা গাঁও পঞ্চায়তৰ এলেকাধীন লোকসকলৰ পৰিয়ালসমূহৰ গৃহৰ পৰাও চলিছে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান৷ এই উপলক্ষে শুকুৰবাৰে পুৱা চতিয়া সমষ্টিৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ বৰ নামঘৰ প্ৰাংগনত এই ভূমি গ্ৰহণ কাৰ্যসুচীৰ শুভাৰাম্ভ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকায়৷

কাৰ্য্যসুচীৰ শুভাৰাম্ভ কৰি বিধায়ক গৰাকীয়ে কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ স্বাধীনতাৰ বাবে আত্ম বলিদান দিয়া বীৰ শ্বহীদ সকলৰ স্মৃতি সৌধ নিৰ্মাণত অংশগ্ৰহণৰ উদ্দেশ্যে “মোৰ দেশ মোৰ মাটি ” কাৰ্য্যসুচীৰ জৰিয়তে এই পৱিত্ৰ ভূমি সংগ্ৰহ কৰা হৈছে৷

গাঁওপঞ্চায়তৰ পৰা জিলা আৰু ৰাজ্যিক পৰ্য্যায়লৈকে এই পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান চলিব ৷ চতিয়া সমষ্টিৰ পৰা ৫ গৰাকী লোকে এই ' অমৃত কলহ’ লৈ গৈ দিল্লীত উপস্থিত হ'ব৷ উত্তৰ ছিলাবন্ধা গাঁওপঞ্চায়তৰ সভাপতি জয়ন্ত বৰাই আঁত ধৰা ভূমিসংগ্ৰহ অভিযানৰ শুভাৰম্ভণী অনুস্থানত আইমাতৃ, জীৱিকা সখীসকলৰ লগতে পঞ্চায়তৰ সকলো শ্ৰেণীৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷

Also Read: অমৃত কালত প্ৰসূতিয়ে ই-ৰিক্সাত প্ৰসৱ কৰিছে সন্তানঃ বিকল এম্বুলেঞ্চ, বিধ্বস্ত বাট-পথ..

Amrit Kalaha Yatra