শৰাইঘাট দলঙৰ সমীপত অঘটন! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল যুৱকৰ

আমিনগাঁওৰ শৰাইঘাট দলঙৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত বাইক আৰোহী

author-image
Asomiya Pratidin
New Update
শৰাইঘাট দলঙৰ সমীপত অঘটন! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল যুৱকৰ

ডিজিটেল ডেস্কঃ আমিনগাঁওৰ শৰাইঘাট দলঙৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত বাইক আৰোহী । বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হয় এই ঘটনা।

Advertisment

বাইক আৰোহী গৰাকী দৰং জিলাৰ ছিপাঝাৰ খান্দাহজানৰ মিৰেল জমীৰ বুলি চিনাক্ত হৈছে । যুৱকজন বাইকেৰে গুৱাহাটীলৈ গৈ থকা অৱস্থাত AS 01 AC 1251 নম্বৰৰ ট্ৰাকে মহটিয়াই নিয়ে। AS 13 B 8743 নম্বৰৰ হিৰো গ্লেমাৰ বাইক খন চলাই আছিল মিৰেলে।

সংকটজনক অৱস্থাত যুৱক জনক আমিনগাওঁৰ নাৰায়ানা হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱক জনৰ । আৰক্ষীয়ে জব্দ কৰে ঘটনা সংঘটিত কৰা বাহনখন। লগতে আটক কৰে চালকজনক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

Also Read: এটা গছপুলি ৰোপন কৰিলে লাভ কৰিব ১০০ ৰ পৰা ২০০ টকা পৰ্যন্ত!

road accident