মোকাঃ প্ৰতি ঘন্টাত ১৭৫ কিলোমিটাৰ! উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা...

মোকাঃ প্ৰতি ঘন্টাত ১৭৫ কিলোমিটাৰ! উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা...

ডিজিটেল ডেস্কঃ 'মোকা' ঘূৰ্ণী বতাহে শুকুৰবাৰে ভয়ংকৰৰূপ লোৱাৰ সম্ভাৱণা আছে। এই বতাহ প্ৰতি ঘণ্টাত ১৩৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি হৈ বাংলাদেশ-ম্যানমাৰ উপকূলৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে।

আইএমডিৰ মতে, সন্ধিয়া ৫:৩০ বজাত ঘূৰ্ণীবতাহটো দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰেৰে, পোৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় ৫২০ কিলোমিটাৰ পশ্চিমে আৰু কক্সবজাৰৰ পৰা ১,১০০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিমত থাকিব।

দেওবাৰে এই বতাহৰ প্ৰভাৱ যথেষ্ঠখিনি পৰিব বুলি আশা কৰা হৈছে। আৰু ইয়াৰ গতিবেগ ১৭৫ কিলোমিটাৰ প্ৰতিঘন্টাত হোৱাৰ সম্ভাৱণা আছে। ইতিমধ্য়ে সমূহ দাঁতাকাষৰীয়ী অঞ্চলত সতৰ্কবাণী জাৰি কৰা হৈছে।

ইয়াৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলতো কিছু পৰিমাণে পৰিব। ইয়াৰ ফলত শনিবাৰে ত্ৰিপুৰা আৰু মিজোৰামত ভয়ংকৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱণা আছে। ইয়াৰোপৰি নগালেণ্ড, মণিপুৰ আৰু দক্ষিণ অসমত দেওবাৰে বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

মোকাঃ প্ৰতি ঘন্টাত ১৭৫ কিলোমিটাৰ! উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা...
এইবাৰ ভাং সৰবৰাহকাৰী ৰূপত মহিলা গেং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in