/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ambb.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে ওচৰৰ জনগোষ্ঠী সমূহৰ উন্নয়নৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। ইণ্ডিয়ান অইলৰ মূল মূল্য "কেয়াৰ"ৰ লগত সংগতি ৰাখি বঙাইগাঁও শোধনাগাৰে নিতি আয়োগে চিনাক্ত কৰা মতে বৰপেটাক আকাংক্ষিত জিলা হিচাপে গ্ৰহণ কৰিছে ।
বি জি আৰে বৰপেটা জিলাক আজি দুখন বি এল এছ এম্বুলেন্স, মেট্ৰেছৰ সৈতে হাস্পতালৰ বিচনা, ডেলিভাৰী বেড , মেট্ৰেছৰ সৈতে টেবুল, হুইল চেয়াৰ তথা জৰুৰীকালীন উদ্ধাৰ ট্ৰলীসহ প্ৰায় ৯৪.১৮ লাখ টকাৰ চিকিৎসা সেৱাত সহায়ক সামগ্ৰী প্ৰদান কৰে। বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক তথা আৰু শোধনাগাৰ মুৰব্বী নয়ন কুমাৰ বৰুৱাই বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত নবজ্যোতি ওজাক শুকুৰবাৰে এম্বুলেন্স সমূহ আনুষ্ঠানিক ভাবে অৰ্পণ কৰে।
অনুষ্ঠানত বৰপেটাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ পৰেশ কলিতা , বি জি আৰৰ মুখ্য মহাপ্ৰৱন্ধক (টি এছ, এইচ এণ্ড ই) এছ বি লহকৰ , মুখ্য মহাপ্ৰৱন্ধক (কাৰিকৰী) জে জে দাস, মুখ্য মহাপ্ৰৱন্ধক (বিত্ত) কে ভি এছ সুবুধি, ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক( মানৱ সম্পদ) চন্দ্ৰিমা শৰ্মা, মহাপ্ৰৱন্ধক (এম এছ,এল এণ্ড ডি) এছ এম এছ ইছলাম, মহাপ্ৰৱন্ধক (মেডিকেল, স্বাস্থ্য আৰু সুৰক্ষা) ডাঃ দিগন্ত কুমাৰ দাস, ভাৰতীয় তেল নিগমৰ বিষয়া সন্থাৰ বি জি আৰ ইউনিটৰ প্ৰতিনিধি আৰু শোধনাগাৰ কৰ্মচাৰী সংঘৰ প্ৰতিনিধিৰ লগতে বি জি আৰ আৰু বৰপেটা জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।
ইয়াৰ পূৰ্বে বি জি আৰ আৰু বৰপেটা জিলা প্ৰশাসনৰ মাজত এখন বুজাবুজি চুক্তিত সকলো গণ্য মান্য ব্যক্তিৰ উপস্থিতিত ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক ( মানৱ সম্পদ) চন্দ্ৰিমা শৰ্মা আৰু বৰপেটা জিলাৰ জিলা উন্নয়ন আয়ুক্ত নবজ্যোতি ওজাই স্বাক্ষৰ কৰে। আই অ' চি এল বি জি আৰৰ দ্বাৰা অৰ্পণ কৰা এই সঁজুলি সমূহে বৰপেটা জিলা আৰু ইয়াৰ ওচৰৰ জনগোষ্ঠী সমূহৰ স্বাস্থ্য সেৱাৰ বিকাশ আৰু সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত বহুখিনি সহায়ক হ'ব বুলি আশা কৰা হৈছে।
আৰু পঢ়ক: ক্ষেত্ৰীত ভয়ংকৰ ঘটনা, ৰে'লৰ খুন্দাত প্ৰাণ গ'ল পতি-পত্নীৰ…