/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/kamakhya-759.jpg)
ডিজিটেল ডেস্ক: শক্তিপীঠ কামাখ্য ধামত এতিয়া সাধু সন্তৰ ভিৰ। অৱশ্যে বুধবাৰৰ পৰা আৰম্ভ হোৱা এই অম্বুবাচী মেলাত নাই কোনো পূৰ্বৰ দৰে জাক জমকতা। অৱশ্যে দেশ বিদেশৰ কিছু পৰ্যাটকৰ সমাগম ঘটিছে মেলা চৌহদত। অম্বুবাচী মেলাৰ বাবে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।
নিলাচল পাহাৰত প্ৰথমদিনাই ৫০ সহস্ৰাধিক ভক্তৰ আগমন হয়। অম্বুবাতী মেলাৰ উপলক্ষ্যে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানত ভক্তৰ বাবে খাদ্য, পানীৰ ব্যৱস্থা কৰা হৈছে। ২৬ জুনলৈকে চলিব অম্বুবাচী মেলা। ২৬ জুনৰ পুৱা ৫ বজাত নিবৃতিৰ পাছত ভক্তৰ বাবে খুলি দিয়া হব কামাখ্য মন্দিৰ দুৱাৰ।