প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বাৰেচহৰীয়া ভাওনাৰ স্থায়ী সাংস্কৃতিক প্ৰকল্প নিৰ্মানৰ কাম

৮ মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভ উদ্বোধন কৰিব বাৰেচহৰীয়া ভাওনাৰ এই আটকধুনীয়া সু-বৃহৎ সাংস্কৃতিক প্ৰকল্পটো
প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বাৰেচহৰীয়া ভাওনাৰ স্থায়ী সাংস্কৃতিক প্ৰকল্প নিৰ্মানৰ কাম

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰাকক্ষণত ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বাৰেচহৰীয়া ভাওনাৰ স্থায়ী সাংস্কৃতিক প্ৰকল্প নিৰ্মানৰ কাম ৷ ভাওনা থলী পকামুৰা পথাৰৰ পৰা প্ৰায় ২০০ মিটাৰ দুৰত্বত ২৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা এই প্ৰকল্পই এতিয়া এক আকৰ্ষণীয় ৰূপ লৈছে ।

জামুগুৰিহাটৰ পকামুৰা পথাৰত অহা ৬ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব লগা ২২৬ বছৰীয়া ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ পদ্মপূষ্প সদৃশ মণ্ডপৰ লগতে ২১ খনকৈ খলা নিৰ্মানত গ্ৰাম্য চহা লোকসকল ব্যস্ত হৈ পৰিছে ৷ ইয়াৰ সমান্তৰাল কৈ বাৰেচহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্পটি ভাওনাৰ তৃতীয় দিনাই ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ উদ্দেশ্যেৰে ৭০০ বনুৱাই দিনে নিশাই যুদ্ধকালিনভাৱে কাম কৰি আছে।

আয়োজন সমিতিয়ে জনোৱা অনুসৰি অহা ৮ মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভ উদ্বোধন কৰিব বাৰেচহৰীয়া ভাওনাৰ এই আটকধুনীয়া সু-বৃহৎ সাংস্কৃতিক প্ৰকল্পটো।এই সাংস্কৃতিক প্ৰকল্পত বাৰেচহৰীয়া ভাওনাৰ সম্পূৰ্ণ আৰ্হিটো প্ৰতীকি ৰূপত সংৰক্ষণ কৰাৰ লগতে শংকৰী কলা কৃষ্টিৰ বিভিন্ন সম্পদ আৰু জামুগুৰিহাটৰ বিভিন্ন ঐতিহ্য প্ৰতীকি ৰূপত হাজাৰ হাজাৰ ৰাইজে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব ৷ বাৰেচহৰীয়া ভাওনৰ স্হায়ী সাংস্কৃতিক প্ৰকল্পটোৱে উত্তৰ অসমৰ পৰ্য্যটন ক্ষেত্ৰত এক নতুন দিগন্তৰ সুচনা কৰিব বুলি উল্লেখ কৰে সমিতিয়ে ৷

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বাৰেচহৰীয়া ভাওনাৰ স্থায়ী সাংস্কৃতিক প্ৰকল্প নিৰ্মানৰ কাম
ইয়াণ্ডাবু সন্ধিৰ দিনটো 'অসম খিলঞ্জীয়া দিৱস' হিচাপে পালনৰ ঘোষণা বীৰ লাচিত সেনাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in