দেশজুৰি পালন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন...

দেশজুৰি পালন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন...

ডিজিটেল ডেস্কঃ অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। বহু ৰাজ্যই মোডীৰ জন্মদিন উপলক্ষে ৰাজহুৱা কল্যাণমূলক কাৰ্যসূচী আয়োজন কৰাৰ পৰিকল্পনা কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কয় যে প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে 'আয়ুষ্মান ভাৱ' অভিযানৰ জৰিয়তে আয়ুষ্মান মেলা আয়োজন কৰা হ'ব আৰু লোকসকলক স্বাস্থ্যৰ বিষয়ে অৱগত কৰা হ'ব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, আয়ুষ্মান ভৱঃ এটা প্ৰচাৰ অভিযান। প্ৰধানমন্ত্ৰী মোডীজী কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে মানৱতাৰ সেৱা কৰাৰ বাবে জনাজাত। প্ৰধানমন্ত্ৰী মোডীয়ে ৮০ কোটি লোকক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰিছিল। 'আয়ুষ্মান ভাৰত আঁচনি'ৰ অধীনত ৬০ কোটি লোকক ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা দিয়া হৈছিল। আজি প্ৰধানমন্ত্ৰী মোদীয়ে নিপীড়িতসকলৰ বাবে কাম কৰি আছে। সেয়ে মোডীৰ জন্মদিন (১৭ ছেপ্টেম্বৰ) উপলক্ষে আয়ুষ্মান ভৱ অভিযান এপষেকৰ বাবে চলিব।

দেশৰ বিভিন্ন প্ৰান্তত এই আয়ুষ্মান মেলাৰ আয়োজন কৰা হ'ব। ইয়াৰ দ্বাৰা দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকল উপকৃত হ'ব। উল্লেখ্য যে, যোৱা বৰ্ষতো কেইবাদিনৰ কাৰ্যসূচীৰে পালন কৰা হৈছিল মোডীৰ জন্মদিন।

দেশজুৰি পালন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন...
মোৰ দুখ লগা নাইঃ দুটি সন্তান বিক্ৰী কৰা মাতৃৰ অপকট স্বীকৰোক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in