বোকাখ‍াতত হত্যাৰ অভিযুক্তই বাচি ল'লে আত্মহননৰ পথ

author-image
Asomiya Pratidin
New Update
বোকাখ‍াতত হত্যাৰ অভিযুক্তই বাচি ল'লে আত্মহননৰ পথ

ডিজিটেল সংবাদ, বোকাখাত : বিগত বৰ্ষৰ ৯ চেপ্তেম্বৰ বোকাখাত কুৰুৱাবাহীত সংঘটিত লোমহৰ্ষক পাপৰি হাজাৰিকা হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ বোকাখাত।কুৰুৱাবাহীৰ নিবাসী আৰু অংগনৱাড়ীৰ এগৰাকী নিৰীক্ষক হিচাপে কৰ্মৰত পাপৰি হাজৰিকাৰ মৃতদেহ উলংগ অৱস্থাত পোৱা গৈছিল নিজা বাসগৃহতে। হত্যাকাণ্ডৰ নিশায়েই পলায়ন কৰিছিল অভিযুক্ত স্বামী মানস গাংগুলীয়ে।

Advertisment

লগে লগেই পলাতক মানস গাংগুলীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীত বোকাখাত আৰক্ষী থানা উত্তাল কৰি তুলিছিল সেই সময়ত কুৰুৱাবাহীৰ একাংশ স্থানীয় মহিলাই। অৱশ্যে হত্যাকাণ্ডৰ পাছদিনাই মানস গাংগুলীয়ে বোকাখাত আৰক্ষী থানাত অত্মসমৰ্পন কৰিছিল। পৰবৰ্তী সময়ত জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল উক্ত হত্যাকাণ্ডৰ মূল অভিযুক্ত মানস গাংগুলীক।

সেই সময়তেই স্থানীয় মহিলাসকলে সিদ্ধান্ত লৈছিল যে জেলৰ পৰা মুক্তি পালেও মানসক কুৰুৱাবাহীত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এয়া আজিৰ পৰা ৯ মাহৰ আগৰ কথা। বুধবাৰে পুৱা ৯ মাহৰ কাৰাগাৰৰ পৰা জামিনত ঘৰলৈ আহিছিল মানস গাংগুলী। ইফালে মানস গাংগুলীয়ে কুৰুৱাবাহীত প্ৰৱেশ কৰাৰ বাতৰি অঞ্চলটোত বিয়পি পৰাৰ লগে লগেই পুনৰ পৰিৱেশ উত্তপ্ত হৈ পৰে কুৰুৱাবাহীৰ। মানস গাংগুলী বুধবাৰে পুৱা নিজৰ খুৰাক উদয় গাংগুলীৰ ঘৰত আশ্ৰয় লৈছিল যদিও স্থানীয় ৰাইজে উদয় গাংগুলীৰ ঘৰ ঘেৰাও কৰি মানসক গাঁৱৰ পৰা বহিস্কাৰ কৰিবলৈ কৰা উপৰ্যুপৰি দাবীৰ পাছত ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ মানসক স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত নিৰাপদে বোকাখাত আৰক্ষী থানালৈ লৈ যায় যদিও সন্ধিয়া মানসক যাবলৈ দিয়ে আৰক্ষীয়ে।

বোকাখাত আৰক্ষীয়ে মানসৰ নিৰাপত্তাৰ খাতিৰত সিমানলৈকে দায়িত্ব পালন কৰিলে যদিও তাৰ পৰৱৰ্তী সময়ত আৰক্ষীৰ একো দায়িত্ব নাথাকে বুলি থানাৰ আঁতৰি যাবলৈ কয় মানসক। কিন্তু ইয়াৰ পাছতে বুধবাৰে সন্ধিয়া বোকাখাত কংগ্ৰেছ ভৱনৰ কাষতে এখন দোকানত চিপজৰী লৈ আত্মহত্যাৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে মানস গাংগুলীয়ে।

এই লৈ বৰ্তমান মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ কুৰুৱাবাহী অঞ্চলত। ইফালে জানিব পৰা মতে মানসৰ মৃতদেহ চমজি সৎকাৰৰ দায়িত্ব ল'বলৈও অস্বীকাৰ কৰিছে মৃত মানসৰ পৰিয়ালৰবৰ্গই। ইফালে এটা হত্যাকাণ্ডৰ অভিযুক্ত হিচাপে আইনী প্ৰক্ৰিয়া চলি থকাৰ পাছতো স্থানীয় ৰাইজৰ উপৰ্যুপৰি হেঁচাত মানসিক ভাৰসাম্য হেৰুৱাই অভিযুক্ত মানস গাংগুলীয়ে এই চৰম সিদ্ধান্ত বাচি ল'ব লগীয়া হ'ল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন লোকে।

Also Read: ৩০০ জন আহত, ১৬৬ জনৰ মৃত্যু: মুম্বাই আক্ৰমণত জড়িত তহব্বুৰ ৰাণাক ভাৰত প্ৰত্যাৰ্পনৰ অনুমতি আমেৰিকাৰ...

bokakhat Assam police