৩০০ জন আহত, ১৬৬ জনৰ মৃত্যু: মুম্বাই আক্ৰমণত জড়িত তহব্বুৰ ৰাণাক ভাৰত প্ৰত্যাৰ্পনৰ অনুমতি আমেৰিকাৰ...

এই দিনটোতেই মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণক ৩০০ জন লোক আহত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছিল ১৬৬ জন লোকে।

author-image
Asomiya Pratidin
New Update
৩০০ জন আহত, ১৬৬ জনৰ মৃত্যু: মুম্বাই আক্ৰমণত জড়িত তহব্বুৰ ৰাণাক ভাৰত প্ৰত্যাৰ্পনৰ অনুমতি আমেৰিকাৰ...

ডিজিটেল ডেস্কঃ ২০০৮ চনৰ ২৬ নৱেম্বৰ। এই দিনটোতেই মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণক ৩০০ জন লোক আহত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছিল ১৬৬ জন লোকে। যাৰ বাবে এই দিনটোত আজিও পাহৰিব পৰা নাই দেশবাসীয়ে।

Advertisment

নাৱেৰে অহা লস্কৰ-ই-তৈবাৰ ১০ জনীয়া সন্ত্ৰাসবাদী দলটোৱে মুম্বাইত প্ৰৱেশ কৰি নিৰীহ লোকৰ ওপৰত আক্ৰমণ চলাইছিল। ভাৰতীয় নিৰাপত্তাবাহিনীৰ হাতত এই ১০ জনীয়া দলটোৰ ৯ জনে প্ৰাণ হেৰুৱাইছিল আৰু আজমল কাছাভক ফাঁচী দিয়া হৈছিল।

ইয়াৰ মাজতে ভাৰতবাসীৰ বাবে এক ভাল খবৰ। এই ঘটনাত জড়িত থকা পাকিস্তানী মূলৰ কানাডাৰ ব্যৱসায়ী তহব্বুৰ ৰাণাক আমেৰিকাই ভাৰতলৈ প্ৰেৰণ কৰাৰ বাবে ১৬ মে'ত অনুমতি প্ৰদান কৰে।ৰাণাই এই আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে জানিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰতে ৰাণাক গ্ৰেপ্তাৰ কৰা হৈছিল। ভাৰত চৰকাৰৰ অনুৰোধ মৰ্মে কেলিফৰ্ণিয়াৰ এখন আদালত তেওঁক ভাৰত প্ৰত্যাৰ্পণৰ বাবে অনুমতি প্ৰদান কৰে।

Also Read: দপ্তৰ সলনি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ, নতুন আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

mumbai attack