ফোনযোগে ধনদাবী ! ৰঙাঘৰৰ আলহী হ'ল ৰে'লৱে কৰ্মচাৰী

অভিযুক্ত ৰাজ কুমাৰ বাল্মিকী
অভিযুক্ত ৰাজ কুমাৰ বাল্মিকী

ডিজিটেল সংবাদ,লামডিং : লামডিং ৰে'লৱে বিভাগত সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। একেই বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে আন এগৰাকী কৰ্মচাৰীক ফোনযোগে ধনদাবী কৰাৰ উপৰি ভয়-ভাবুকি প্ৰদান কৰাৰ কথা পোহৰলৈ আহিছে।

জানিব পৰামতে লামডিং ৰে'লৱে মণ্ডলৰ মাণ্ডলিক প্ৰবন্ধক প্ৰেম ৰঞ্জন কুমাৰক একেই বিভাগৰে কৰ্মচাৰী এগৰাকীয়ে ভাবুকি প্ৰদান কৰে। গুৱাহাটী বামুণীমইদাম ৰে'লৱে বি জি কলনীৰ বাসিন্দা ৰাজ কুমাৰ বাল্মিকী নামৰ কৰ্মচাৰীগৰাকীয়ে ফোনযোগে প্ৰেম ৰঞ্জনক ধনদাবী কৰি ভয়-ভাবুকি প্ৰদান কৰে।

এইসন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত অভিযুক্ত ৰাজ কুমাৰ বাল্মিকীক আটক কৰে। সম্প্ৰতি ৰঙাঘৰৰ আলহী ৰাজ কুমাৰ বাল্মিকী। উল্লেখযোগ্য যে অভিযুক্ত ৰাজ কুমাৰ বাল্মিকী একেই বিভাগৰে জ্যেষ্ঠ মেকানিকেল টেকনিচিয়ানৰূপে কৰ্মৰত।

ইফালে উক্ত ঘটনাক ৰাজ কুমাৰে সম্পূৰ্ণ মিছা অপবাদ বুলি ভাষ্য প্ৰদান কৰে। লামডিং ৰে'ল বিভাগৰ অভিযোগৰ ভিত্তিত 208/23 ipc 389/511 এটা গোচৰ ৰুজু কৰি অভিযুক্তক আদালত লৈ প্ৰেৰণ কৰে। ৰে'লৱে প্ৰবন্ধকগৰাকীক ভাবুকি প্ৰদান কৰা ঘটনাই খলকনি তুলিছে লামডিং মণ্ডল ৰে'লৱে বিভাগত। আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

অভিযুক্ত ৰাজ কুমাৰ বাল্মিকী
বৰ্ণাঢ্য কাৰ্যসূচীৰে বিলাসীপাৰাত শ্ৰীকৃষ্ণ ৰাস যাত্ৰাৰ শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in