Advertisment

পথ নিৰ্মাণত RSM কোম্পানীৰ মেনেজাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পথ নিৰ্মাণত RSM কোম্পানীৰ মেনেজাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
পথ নিৰ্মাণত RSM কোম্পানীৰ মেনেজাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ডিজিটেল সংবাদ,জামুগুৰিহাট : RSM কোম্পানীৰ মেনেজাৰ যতীন নাম লোকজনৰ দাদাগিৰিত অতিষ্ঠ হৈ পৰিছে বৰ্ষীয়ান নাগৰিক ৷ মেনেজাৰগৰাকীয়ে নিজকে RSM নামৰ বহিৰাগত কোম্পানীৰটোৰ মেনেজাৰ,ইঞ্জিনীয়াৰ আদি বুলি চিনাকি দিয়ে।

Advertisment

যতীন নামৰ বহিৰাজ্যৰ লোকগৰাকীয়ে দিকৰাইজান গাঁৱৰ আব্দুল গফুৰ নামৰ বৰ্ষীয়ান লোকগৰাকীৰ ম্যাদী পট্টাৰ মাটি বেদখল কৰি নিৰ্ম্মাণ কৰিছে চাৰিলেনযুক্ত পথ ৷ উক্ত লোকজন তেজপুৰ থানাৰ অধীনৰ গৰৈমাৰী মৌজাৰ অন্তৰ্গত দিকৰাইজান গাঁও নিবাসী প্ৰয়াত আব্দুল জব্বৰৰ পুত্ৰ আব্দুল গফুৰ ৷

তেওঁৰ নামত থকা ৮৯ নং ম্যাদী পট্টাৰ ১৮ নং দাগৰ মুঠ ৪ বিঘা ২কঠা ৮লেচা মাটিৰ ভিতৰত ১ বিঘা ১ কঠা ৬ লেচা মাটি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰি নিৰ্দ্ধাৰিত মুল্য আদায় দিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে RSM কোম্পানীৰ মেনেজাৰ যতীনে বাকী ২বিঘা মাটিৰ বিপৰীতে বৃহৎ পৰিমানৰ ধন কৌশেলেৰে লাট মণ্ডল জাকাৰিয়াৰ লগত মিলি আত্মসাৎ কৰিলে ৷

এইজন RSM কোম্পানীৰ মেনেজাৰ যতীনে জামুগুৰিহাটৰ দিশত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত বহুলোকৰ মাটিৰ বিপৰীতে জালিয়াতিৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ অজশ্ৰ আছে যদিও অনুৰূপ ধৰণেই ভয় ভিতি প্ৰদশৰ্নৰে পলাই গৈ এইবাৰ নতুন ঠাইত একে কৌশল অৱলম্বন কৰাৰ অভিযোগ শুনিবলৈ পোৱা গৈছে ৷

RSM কোম্পানীত মেনেজাৰ হিচাপে থাকি উঠিৰজা বহি ৰজা হৈ পৰা যতীন সদুৰ ৰাজস্থানৰ বাসিন্দা হোৱাৰ বাবেই পথ নিৰ্মাণ কাৰ্য্য প্ৰায় শেষ হোৱাৰ সময়তে ইয়াৰ পৰা পলায়নৰ চেষ্টা অব্যাহত ৰাখিছে ৷ শনিবাৰে মাটিৰ গৰাকী আব্দুল গফুৰে কোৰোকানি গাঁৱত থকা তেওৰ নিজৰ ম্যাদি পট্টাৰ মাটিৰ স্থানত উপস্থিত হৈ জে চি বিৰে মাটি খান্দি পথ নিৰ্মাণ কৰি থকা দেখি আশ্বৰ্য্য প্ৰকাশ কৰে ৷

পিছত এই কাৰ্য্য দেখি তেওঁ বাধা প্ৰদান কৰে। তাকে দেখি মাটিৰগৰাকী বয়োবৃদ্ধ নাগৰিক আব্দুল গফুৰক মেনেজাৰ যতীনে প্ৰাণে মৰাৰ ভাকুকি প্ৰদান কৰি জেচিবিৰ চালকক মাটিৰে পুতি দিবলৈ নিৰ্দেশ দিয়া বুলি অভিযোগ কৰে ৷ RSM কোম্পানীৰ মেনেজাৰ যতীনৰ এনে অশোভনীয় আচণত অতিষ্ঠ হৈ একাংশ ৰাইজে একেমুখে গৰিহণা দিয়াৰ লগতে আৰক্ষী-প্ৰশাসনক দানৱৰূপী গুণ্ডা যতীনৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

Also Read: কাজিৰঙাত আনভাইনচ ৰাণ ফৰ দ্য ৰাইন' আল্ট্ৰা ৰাণ প্ৰতিযোগিতা

Assam police jamugurihat