বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ…

বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ…

author-image
asomiyapratidin
New Update
বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ…

ডিজিটেল সংবাদ, বাক্সা: সংবাদমেল যোগে প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ বিপিএফৰ এমচিএলএ তথা বিটিচি পৰিষদৰ বিৰোধী দলৰ দলপতি দেৰহাছাৰ বসুমতাৰী।

Advertisment

প্ৰমোদ বড়োৰ বিৰুদ্ধে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ বসুমতাৰীৰ। অভিযোগ অনুসৰি ৰাইজক মিছা কথা কৈ দুৰ্নীতি কৰিছে বিটিচি প্ৰধান প্ৰমোদ বড়োই।

তেওঁ কয় যে বিটিচিত উন্নয়নৰ নামত ভুৱা প্ৰতিশ্ৰুতি প্ৰমোদ বড়োৰ। ককলাবাৰী সমষ্টিবাসীৰ লগত থাকিম বুলি প্ৰতাৰণা কৰিছে প্ৰমোদ বড়োই।

বিটিচিত কেইজন শিক্ষকক নিযুক্তি প্ৰদান কৰিলে বুলি প্ৰমোদ বড়োলৈ মুকলি প্ৰশ্ন দেৰহাছাৰ বসুমতাৰীৰ। কেইখন বিদ্যালয় প্ৰাদেশীকৰণ কৰিলে বুলিও প্ৰশ্ন উত্থাপন।

সংবাদমেলত দেৰহাছাৰ বসুমতাৰীৰ লগতে এমচিএলএ জয় মুছাহাৰী, প্ৰাক্তন বিধায়ক, থানেশ্বৰ বসুমতাৰী, প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্মকে ধৰি দলৰ কেইবাগৰাকীও নেতা কৰ্মীৰ অংশগ্রহণ।

আৰু পঢ়ক:  সংবাদ মাধ্যমৰ সমুখত প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনৰ বিস্ফোৰণ…

assam baksa