সংবাদ মাধ্যমৰ সমুখত প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনৰ বিস্ফোৰণ…

 সংবাদ মাধ্যমৰ সমুখত প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনৰ বিস্ফোৰণ…

ডিজিটেল সংবাদ,শিৱসাগৰ: শনিবাৰে মাজনিশা কালুগাঁৱৰ বাসগৃহৰ পৰা শিৱসাগৰ আৰক্ষীয়ে আটক কৰা একালৰ প্ৰবল প্ৰতিপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে ৷ গোচৰ নং ১৩৬৯/২০১৯ ৷ গ্ৰেপ্তাৰৰ পূৰ্ব আনোৱাৰ হুছেইনে সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ ঘটাইছে ৷

ৰাজনৈতিক হেঁচাৰ বাবেই অবৈধ নিযুক্তি দিবলৈ বাধ্য হৈছিল বুলি মন্তব্য কৰিছে হুছেইনে ৷ মোৰ ওচৰত সকলো তথ্য মজুত আছে – আনোৱাৰ হুছেইনৰ  স্পষ্ট কথা ৷

 প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত  হিতেশ্বৰ শইকীয়া, প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্ত, প্ৰাক্তন মন্ত্ৰী প্ৰয়াত দেৱানন্দ কোঁৱৰ, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃ ৰোহিতেশ্বৰ শইকীয়া, সেই সময়ৰ অগপ নেতা-পালিনেতাই নিযুক্তিৰ বাবে হেঁচা দিছিল আনোৱাৰ হুছেইনক। আনকি কাক কাক শিক্ষক ৰূপে নিযুক্তি দিব লাগে এই সন্দৰ্ভত লিখি দিয়া তালিকা মজুত আছে আনোৱাৰ হুছেইনৰ হাতত ৷

উল্লেখ্য যে ১৯৯১ৰ পৰা ২০০১ চনলৈ কংগ্ৰেছ আৰু অগপ চৰকাৰৰ আমোলত সংঘটিত হৈছিল এই বিয়াগোম নিযুক্তি কেলেংকাৰী। ৯৬ টা পদৰ বিপৰীতে হাইস্কুলত দিয়া হৈছিল ২৬৭ টা পদত নিযুক্তিপত্ৰ।

 সংবাদ মাধ্যমৰ সমুখত প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনৰ বিস্ফোৰণ।

১৭ বছৰ বয়সতো শিক্ষক হিচাপে নিযুক্তি পাইছিল শতাধিকে । তদুপৰি ৪৫ -৪৬ বছৰতো দিয়া হৈছিল কেইবা শতাধিকক নিযুক্তি ৷

 এজন অৱসৰপ্ৰাপ্ত শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াই উদঙাই দিয়া বিয়াগোম নিযুক্তি কেলেংকাৰীৰ আঁৰৰ ৰাজনৈতিক নেতা পালিনেতাক তদন্তৰ আওতালৈ আনি শাস্তি বিহিবনে চৰকাৰে তাক লৈ জনসাধাৰণৰ মাজত প্ৰশ্ন উঠিছে ৷

এ পি এছ চি কেলেংকাৰীৰ দৰেই ১৯৯১ৰ পৰা ২০০১ চনলৈ নিযুক্তি পত্ৰ শিক্ষকক তদন্তৰ আওতালৈ আনি শাস্তি বিহিবনে চৰকাৰে।

নে আনোৱাৰ হুছেইন আৰু শিক্ষক বাবুল হুছেইনৰ গ্ৰেপ্তাৰতে গেঠেলা মাৰিব সমগ্ৰ নিযুক্তি কেলেংকাৰী ৷ সম্প্ৰতি ইয়াক লৈ উঠিছে প্ৰশ্ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in