/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4b03fd5b-cd67-49d0-8275-8e634f595646/dhakuakhana.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যুগল শইকীয়াৰ বিৰুদ্ধে পুনৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এইবাৰ অধ্যক্ষ গৰাকীৰ স্বেচ্ছাচাৰী শাসন আৰু মতলবি আচৰণৰ অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ এগৰাকী অৱসৰ প্ৰাপ্ত জ্যেষ্ঠ শিক্ষাগুৰুৱে।
নিজৰ অপশাসনৰ বাবে সততে মহাবিদ্যালয়খনক বিতৰ্কৰ কেন্দ্ৰ বিন্দু কৰি তোলা এইগৰাকী অধ্যক্ষই এইবাৰ সদ্য জ্যেষ্ঠ অৱসৰী শিক্ষাগুৰুক নীতি বৰ্হিভূত ভাৱে বেতন কৰ্তনৰ লগতে প্ৰাপ্য আৰ্জিত ছুটী বানচ লাভৰ পৰা বঞ্চিত কৰি সুদীর্ঘ সময় ধৰি প্ৰবল মানসিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ আনে মহাবিদ্যালয়খনৰ অৱসৰ গ্ৰহণ কৰা জ্যেষ্ঠ শিক্ষাবিদ গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে সংবাদ মাধ্যমৰ আগত। তাৰোপৰি অধ্যক্ষ শইকীয়াৰ নীতি বৰ্হিভূত স্থিতিৰ বাবে মেদকে অৱসৰকালীন সুবিধা সমূহ লাভ কৰাত বাধা আহি পৰাৰ লগতে প্ৰাপ্য বকেয়া ধন লাভৰ পৰাও বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
মহাবিদ্যালয়খনৰ পৰা যোৱা ২০২২ বর্ষৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ৰুক্ম কুমাৰ মেদকে এই সন্দৰ্ভত বহু প্ৰামানিক তথ্য সহ সংবাদ মাধ্যমক জনোৱা মতে অধ্যক্ষ ডঃ শইকীয়াই ব্যক্তিগত শত্ৰুতা পূৰণৰ বাবে অৱসৰ প্ৰাপ্ত শিক্ষাবিদ ৰোগাক্ৰান্ত অৱসৰী শিক্ষক গৰাকীক সীমাহীন দুৰ্ভোগ আৰু মানসিক যন্ত্ৰণা ভোগাই অহা বুলিও অভিযোগ উত্থাপন কৰে । বিভিন্ন জটিল ৰোগত ৰোগাক্ৰান্ত হৈ সম্প্ৰতি শৰ্য্যাশায়ী অৱস্থাত থকা মেদকে জনোৱা মতে কেৱল ইয়াতে ক্ষান্ত নহৈ অধ্যক্ষ গৰাকীয়ে ২০০৬ চনৰ ১জানুৱাৰীৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চ পৰ্যন্ত শিক্ষাবিদ গৰাকীয়ে সৰ্বমুঠ ৩৩৬ দিন আৰ্জিত ছুটি ভোগ কৰা বুলি উচ্চ শিক্ষাৰ্ধিকৰ্তা কাৰ্য্যালয়লৈ এন বি চি /পেঞ্চন/১০৫/২২/৪৩৭৫ নম্বৰৰ এখন পত্ৰ অধ্যক্ষ গৰাকীয়ে ২০২২ চনৰ ২৪ জুনত প্ৰেৰণ কৰিছিল ।
সেই পত্ৰৰ আলমত উচ্চ শিক্ষার্ধিকর্তাই ডি এইচ ই /পেন/এল ই/৬৬৩/২০২২/১১৬ নম্বৰৰ এখন পত্ৰ যোৱা ২০২২ বর্ষৰ ৩ ডিচেম্বৰত অৱসৰ প্ৰাপ্ত সহযোগী অধ্যাপক মেদকলৈ প্ৰেৰণ কৰি ১৭৩ দিনৰ অতিৰিক্ত আৰ্জিত ছুটি প্ৰাপ্য বানচৰ পৰা বঞ্চিত কৰে। ইয়াৰ উপৰিও অতিৰিক্ত ১৭৩ দিনৰ বেতন উভতাই দিয়াৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পত্ৰ প্ৰেৰণ কৰে ।
মেদকে জনোৱা মতে বিগত সময় চোৱাত বিভিন্ন ভয়াবহ পথ দুৰ্ঘটনাত পতিত হোৱা , যক্ষ্মা আৰু মেৰুদণ্ডৰ সংক্ৰমণ ৰোগত আক্ৰান্ত হোৱাৰ প্ৰামানিক নথি পত্ৰ আৰু চিকিৎসক-চিকিৎসালয়ৰ প্ৰমাণ পত্ৰ সহ ছুটিৰ আবেদন কৰাৰ স্বত্তেও এনে ছুটীৰ পৰা ইচ্ছাকৃতভাৱে বঞ্চিত কৰি পৰৱৰ্তী সময়ত ইয়াক কৰ্তব্যত অনুপস্থিতি বুলি লিপিবদ্ধ কৰিছিল অধ্যক্ষ গৰাকীয়ে।
এই সন্দৰ্ভত ভুক্তভোগী প্ৰবীণ শিক্ষাবিদ গৰাকীয়ে ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু উচ্চ শিক্ষাধিকৰ্তা ধৰ্ম কান্ত মিলিলৈ সমস্ত অনিয়ম আৰু স্বেচ্ছাচাৰী কাৰ্যৰ তথ্য প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমক জনায়।
আৰু পঢ়ক: ঘিলামৰাত অগ্নিকাণ্ডত ভস্মীভূত ধানৰ ভঁৰাল